নাজিৰাত সৰ্বোদয় সমাজৰ উদ্যোগত মে-ডাম-মে-ফি পালন৷ 

নিউজ ডেস্ক PR NEWS ASSAM : সমগ্ৰ ৰাজ্যতে আহোমসকলে পালন কৰিছে মে-ডাম-মে-ফী।  নাজিৰাতো সৰ্বোদয় সমাজৰ উদ্যোগত আৰু স্থানীয় চানবছা ৰাইজৰ সহযোগত এই মে ডাম মে ফী উদযাপন কৰা হয়।ঐতিহাসিক মে-ডাম-মে-ফি উৎসৱৰ পৱিত্ৰ ক্ষণত পুলিন-পুথাওসকলৰ মধুৰ আৰু অবিস্মৰণীয় স্মৃতিবোৰ শ্ৰদ্ধাৰে সুঁৱৰি পুৱাৰে পৰা তাই ৰীতি নীতিৰে পূজা অৰ্চনা কৰাৰ লগতে দিনটোজোৰা বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসুচীৰে উদযাপন কৰা হৈছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, আকস্মিক প্ৰতিযোগিতা, ৰচী টনা, আদিকে ধৰি বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰা হয়।