নাজিৰাত স্বতঃস্ফূৰ্ত সহাৰিৰে ভোটদান ৰাইজৰ৷ভোটদানৰ হাৰ ৮১.৭৩ শতাংশ ৷

১০৪ নং নাজিৰা বিধানসভা সমষ্টিত স্বতঃস্ফূৰ্ত সহাৰিৰে ভোটদান কৰে স্থানীয় ৰাইজে৷নগৰ তথা গ্ৰামাঞ্চল এলেকাত ভোটদানৰ প্ৰক্ৰিয়াত আছিল ৰাইজৰ অভূতপূৰ্ব সহাৰি৷ ভোটদানৰ হাৰ ৮১.৭৩ শতাংশ ৷সমষ্টিটোত মুঠ ৫ জন প্ৰাৰ্থীৰ ভাগ্য ভোটিং মেচিনত আৱদ্ধ হ’ল৷কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া,বিজেপিৰ ময়ুৰ বৰগোহাঁই,অসম জাতীয় পৰিষদৰ ৰিবুলয়া গগৈ,নেচনেল ফৰৱাৰ্ড ব্লকৰ হৰেণ বৰগোহাঁই আৰু নিৰ্দলীয় প্ৰাৰ্থী মিণ্টু বৰুৱাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে৷ৰাইজৰ তথা বিভিন্ন সূত্ৰৰ পৰা জানিব পৰামতে কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই মূল নিৰ্বাচনী যুজঁখন হৈছে আৰু নাজিৰাৰ কংগ্ৰেছৰ দুৰ্গত এইবাৰ বিজেপিৰ প্ৰাৰ্থীজনে তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ইফালে মহকুমা প্ৰশাসন তথা নাজিৰা নিৰ্বাচনী জিলাই নিৰ্বাচনী প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷