PR NEWS ASSAM নাজিৰাঃ
নাজিৰা উকীল সন্থাৰ কাৰ্যালয়ত শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হৈ যায়৷জিলা আইন সেৱা প্ৰাধিকাৰীৰ অন্তভুৰ্ক্ত অধিবক্তাসকলৰ কাৰ্য আৰু দায়িত্ব তথা বিকল্প ব্যৱস্থাৰে আইনী বিষয় আৰু বিবাদসমূহ কেনেদৰে নিস্পত্তি কৰিব পাৰি বিষয়সমূহক লৈ উক্ত সজাগতা সভাখন অনুষ্ঠিত হয়৷সভা আতঁ ধৰে নাজিৰা উকীল সন্থা উপ সভাপতি তথা লোক অধিবক্তা মহেন্দ্ৰ ভূঞাই লোক অধিবক্তা ৰাজীৱ গগৈ লগতে কেইবাজনো অধিবক্তা উপস্থিত থাকে ৷উক্ত সভাত বিষয়সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব সাগৰিকা বৰপূজাৰীয়ে৷লগতে উপস্থিত থাকি বক্তব্য আগবঢ়াই নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশদ্বয় মৃদুস্মৃতা হাজৰিকা,ৰিনিচা গোস্বামীৰ লগতে নাজিৰা উকীল সন্থাৰ কেইবাজনো অধিবক্তাই৷

