PR NEWS ASSAM: সমগ্ৰ অসমৰ লগতে নাজিৰাতো অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। পুৱাৰে পৰা স্বতঃস্ফূর্তভাৱে বন্ধ হৈ ৰৈছে ব্যৱসায়িক প্রতিষ্ঠানসমূহ। নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ত, নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত,নাজিৰা উকীল সন্থাৰ কাৰ্যালয়ত,নাজিৰা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়,ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়,নাজিৰা প্ৰেছ ক্লাৱ, অসম গণ পৰিষদ নাজিৰা বিধান পৰিষদৰ কাৰ্যালয়ত ,নাজিৰা মহাবিদ্যালয় আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোটে আঞ্চলিক সমিতিৰ কার্যালয়ত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। শ্রদ্ধাঞ্জলি অনুষ্ঠানসমূহত কণ্ঠশিল্পীগৰাকীৰ জীৱন আলোকপাত কৰাৰ লগতে আত্মাৰ সদগতিৰ কাৰণে প্রার্থনা জনোৱা হয় আৰু তেওঁৰ কিছু জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰি অসম গৌৰৱ তথা জাতীয় জীৱনৰ লগত উত্তৰপূৰ্বৰ নক্ষত্ৰ শিল্পীগৰাকীক স্মৰণ কৰে৷ লগতে শ্ৰীশ্ৰী বুদবাৰী সত্ৰৰ ৰাইজ আৰু গুৰু গোবিন্দ শিল্পী সমাজে বুদবাৰী সত্ৰ তিনিআলিত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে নাজিৰা শিমলুগুৰি ই-ৰিক্সাচালক সন্থায়ো অসমবাসীৰ প্ৰাণস্পন্দন জুবিন গাৰ্গৰ গীতৰ লহৰত শিমলুগুৰিৰ পৰা নাজিৰালৈ এক ৰেলীৰে প্ৰয়াত শিল্পীজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনায়৷শিৱসাগৰত আছু,আটাছু,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে শিৱসাগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালত,শিৱসাগৰ উকীল সন্থা,শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে দ’লমুখ চাৰিআলিত হাজাৰ হাজাৰ জনতাই প্ৰিয় শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলী নিবেদন কৰে৷ইয়াৰ উপৰিও শিৱসাগৰ জিলা আৰু নাজিৰা সমজিলাৰ বিভিন্ন কাৰ্যালয় আৰু গ্ৰামাঞ্চল তথা নগৰাঞ্চলত শিল্পী গৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা সভাৰো আয়োজন কৰে৷

