PR NEWS ASSAM,২১ জানুৱাৰী : শিৱসাগৰ জিলা আইনসেৱা প্ৰাধিকাৰীৰ উদ্যোগত নাজিৰাস্থিত শংকৰদেৱ বিদ্যা নিকেতনত এখনি আইন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত মানব সৰবৰাহ আৰু ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকৰণৰ দৰিদ্ৰতা নিৰ্মূল আঁচনিৰ বিষয়ে আলোকপাত কৰা হʼয়। সভাৰ কাৰ্যসূচী ব্যাখা কৰে নিকেতনৰ প্ৰধান আচাৰ্য শ্ৰী গোপাল বৰুৱা সভাৰ আঁত ধৰে জিলা আইন সেৱা প্ৰাধিকাৰীৰ শ্ৰীঅনুপম দাসে। সমল ব্যক্তি হিচাবে বক্তব্য ৰাখে অধিবক্তা তথা জিলা আইনসেৱা প্ৰাধিকাৰী, শিৱসাগৰৰ আইন পৰামৰ্শ দাতা শ্ৰীপংকজ মহন্ত আৰু শ্ৰী অচ্যুত কোঁৱৰে। সভাত আইনৰ স্নাতক পাঠ্যক্ৰমৰ শেষান্ত বৰ্ষৰ ছাত্ৰী শ্ৰীমতী অগ্ৰতা দাস আৰু বিদ্যালয়ৰ আচাৰ্যসকল ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত সফলতাৰে সজাগতা সভাখনি অনুষ্ঠিত হৈ যায়।
নাজিৰাত মানৱ সৰবৰাহ শীৰ্ষক আইন সজাগতা সভা ৷
