PR NEWS ASSAM নাজিৰাঃ নাজিৰা মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে আজি মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাটোৰ ভালেসংখ্যক জ্যেষ্ঠ নাগৰিকৰ লগত এখন বৈঠকত মিলিত হয়। বৈঠকত মহকুমাধিপতি গৰাকীক জ্যেষ্ঠ নাগৰিক সকলে সম্বৰ্ধনা তথা উষ্ম আদৰণি জনায়। মহকুমাধিপতি গৰাকীয়ে উপস্থিত জ্যেষ্ঠ নাগৰিক সকলৰ আশিষ বিচাৰি বৈঠক আৰম্ভ কৰে। জ্যেষ্ঠ নাগৰিক সকলে উক্ত বৈঠকত মুখ্যতঃ উন্নতমানৰ নলা-নৰ্দমাৰ ব্যৱস্থা, জাবৰ জোথৰৰ নিষ্কাষণৰ লগতে ৰাজহুৱা পাৰ্কিংৰ ব্যৱস্থা, প্ৰাকৃতিক গেছ ভিত্তিক শ্মশানশালীৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা আদিৰ সু-ব্যৱস্থা কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে দিখৌ নদীৰ ওপৰত এখন বিকল্প দলঙৰ ব্যৱস্থা কৰাৰ বাবে মহকুমাধিপতি গৰাকীক অনুৰোধ জনায়। মহকুমাধিপতি গৰাকীয়ে জ্যেষ্ঠ নাগৰিক সকলৰ লগত মত-বিনিময় কালত তেওঁলোকৰ অসুবিধা- সমস্যা আদিৰ বিষয়ে বিস্তৃতভাৱে বুজ লোৱাৰ লগতে এইসমূহৰ আশু সমাধানৰ বাবে যথা সম্ভৱ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। উক্ত বৈঠকত মহকুমাধিপতি গৰাকীয়ে জ্যেষ্ঠ নাগৰিক সকলক মহকুমাটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে মহকুমা প্ৰশাসনক প্ৰয়োজনীয় সহায়- সহযোগিতা আগবঢ়াবলৈ আৰু ইতিবাচক পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। বৈঠকত তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্তও উপস্থিত থাকে। উল্লেখ্য যে জ্যেষ্ঠ নাগৰিক সকল মহকুমাধিপতি সব্যসাচী কাশ্যপৰ গঠনমূলক কাম কাৰ্যত তেওঁলোকৰ দিহা পৰামৰ্শৰে সৰ্বতোপ্ৰকাৰ সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।এক প্ৰেছ বাৰ্তা যোগে নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগে এই বিষয়ে জানিবলৈ দিয়ে৷
নাজিৰাত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময়ঃউন্নয়নেই হ’ব লক্ষ্য৷
