২২ নৱেম্বৰ,
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে, ১০৪ নং নাজিৰা বিধানসভা সমষ্টিতো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম ১৮ নবেম্বৰ, ২০২০ৰ পৰা আৰম্ভ হব ।উক্ত দিনাই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ত ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হব। ১৮নবেম্বৰ, ২০২০ ৰ পৰা ১৫ ডিচেম্বৰ, ২০২০ লৈকে দাবী আপত্তি সমূহ গ্ৰহণ কৰা হব ।অহা ১ জানুৱাৰী,২০২১ ত ১৮ বছৰ সম্পূৰ্ণ কৰা সকলেও ভোটাৰ তালিকাত নিজৰ নাম অন্তভূৰ্ক্ত কৰাৰ সুযোগ লাভ কৰিব ।তদুপৰি ভোটাৰ তালিকাত নাম, ঠিকনা, ফটো আদি ভুল হৈ থকা সকলেও সংশোধনীৰ বাবে আবেদন কৰিব পাৰিব লগতে নাম কৰ্ত্তন ও কৰিব পাৰিব । সেয়েহে যিসকল লোকে ভোটাৰ তালিকাত নিজৰ নাম অন্তভূৰ্ক্ত কৰিব বিচাৰে বা কাৰোবাৰ নাম কৰ্ত্তন বা সংশোধন কৰিবলগীয়া থাকিলে উক্ত সময়ৰ ভিতৰত নিদিষ্ট প্ৰ-পত্ৰত আবেদন কৰিবলৈ জিলা নিৰ্বাচনী বিষয়া শ্ৰীযুক্তা লখিমী দত্ত মহোদয়াই আহ্বান জনাইছে । সকলো সংশোধনীৰ পিছত ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা অহা ১৫ জানুৱাৰীত প্ৰকাশ কৰা হব ।
প্ৰতিবেদক, নাজিৰা