নাজিৰাত ভোটদানৰ হাৰ ৮১.৭১ শতাংশ ৷

PR NEWS ASSAM

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৭ নং নাজিৰা বিধানসভা সমষ্টিত জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সহাৰিৰ ফলত ভোটদানৰ হাৰ ৮১.৭১ শতাংশ হয়৷ নগৰ অঞ্চলৰ তুলনাত গ্ৰামাঞ্চল আৰু চাহ বাগিছা এলেকাত ভোটদানৰ হাৰ যথেষ্ট বেছি পৰিলক্ষিত হয়৷জানিবপৰা মতে নগৰ অঞ্চলত কংগ্ৰেছৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সপক্ষে অধিক ভোট পৰাৰ বিপৰীতে চাহ বাগিছা আৰু গ্ৰামাঞ্চলত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ পক্ষে বেছি ভোট পৰা বুলি ধাৰণা কৰা হৈছে৷ৰাজনৈতিক দলৰ লগত জড়িত নথকা যুৱ চামৰ অধিকাংশ ভোট গৌৰৱৰ পক্ষত পৰিছে বুলি অনুমান কৰা হৈছে৷আনহাতে পুৰণি কংগ্ৰেছৰ বহুলোকে এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ পক্ষত ভোটদান কৰিছে বুলি তেওঁলোকৰ বক্তব্যৰ পৰা ধাৰণা কৰা হৈছে৷মুঠতে নাজিৰা সমষ্টিত দুয়োজন প্ৰাৰ্থীৰ মাজত ঠায়ে ঠায়ে তীব্ৰ প্ৰতিদ্বন্দিতা হৈছে আৰু জয়-পৰাজয়ৰ ব্যৱধান প্ৰায় পাচঁ হাজাৰৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে ৷বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ শিবিৰ সমানেই উৎসাহী হিচাবে দেখা গৈছে৷ইফালে নাজিৰা নিৰ্বাচনী জিলাত নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়৷নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত ষ্ট্ৰংৰুমত কটকটীয়া ব্যৱস্থা কৰা হৈছে৷