নাজিৰাত ভূমি পট্টা বিতৰণ মন্ত্রী বিমল বড়াৰ ৷

PR NEWS ASSAM ২৯ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ “মিছন বসুন্ধৰা” অভিযানৰ অধীনত অসমৰ ভূমিহীন খিলঞ্জীয়া লোকক সবলীকৰণৰ উদ্দেশ্যেৰে ভূমিৰ পট্টা প্ৰদান কৰি অহা হৈছে। ইয়াৰে এক অংশ স্বৰূপে আজি নাজিৰা মহকুমা অন্তৰ্গত মেকিপুৰ পূজা ফিল্ডত নাজিৰা বিধান সভা সমষ্টিৰ অধীনত মুঠ ১১২৬ টা পৰিয়ালৰ মাজত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বড়াই ভূমি পট্টা প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য সভাৰ মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা, অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত শ্ৰীযুত আদিত্য বিক্ৰম যাদৱ, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুত পৱিত্ৰ কুমাৰ দাস, নাজিৰা মহকুমাৰ মহকুমাধিপতি শ্ৰীযুতা আয়ুষী জৈন, নাজিৰা পৌৰসভাৰ পৌৰপতি বৰ্ণালী চেতিয়া, আমগুৰি পৌৰ সভাৰ পৌৰপতি অনামিকা নেওঁগ, নাজিৰা ৰাজহ চক্ৰ বিষয়া জাহ্নৱী গোস্বামীৰ লগতে শিৱসাগৰ আৰু নাজিৰা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়া, বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ।