নাজিৰাত বিজেপি-কংগ্ৰেছৰ হিচাব নিকাচ অব্যাহতঃকোনে মাৰিব শেষ হাঁহি?


PR NEWS ASSAM: যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৭ নং নাজিৰা বিধানসভা সমষ্টিত জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সহাৰিৰ ফলত সদ্য সমাপ্ত ভোটদানৰ হাৰ ৮১.৭১ শতাংশ হৈছিল ৷ শেহতীয়া তথ্যনুসৰি সমষ্টিটোত নগৰ অঞ্চল, গ্ৰামাঞ্চল আৰু চাহ বাগিছা এলেকাত ভোটদাতাৰ ব্যাপক সহাঁৰিয়ে শাসক বিৰোধী শিবিৰত উৎসাহ সৃষ্টি কৰিছে৷সকলোৱে নিজৰ নিজৰ হিচাবত অংকত ব্যস্ত হৈছে৷  জানিব পৰামতে নগৰ অঞ্চলত কংগ্ৰেছৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সপক্ষে অধিক ভোট পৰাৰ বিপৰীতে চাহ বাগিছা আৰু গ্ৰামাঞ্চলত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ পক্ষে বেছি ভোট পৰা বুলি ধাৰণা কৰা হৈছে যদিও গ্ৰামাঞ্চলত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সপক্ষে যথেষ্ট ভোট পৰিছে বুলি কংগ্ৰেছ শিবিৰ উৎসাহিত হৈ আছে ৷ধাৰণা কৰা মতে যুৱ চামৰ অধিকাংশ ভোট গৌৰৱৰ পক্ষত পৰিছে বুলি অনুমান কৰা হৈছে৷আনহাতে পুৰণি কংগ্ৰেছৰ বহুলোকে এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ পক্ষত ভোটদান কৰিছে বুলি তেওঁলোকৰ বক্তব্যৰ পৰা ধাৰণা কৰা হৈছে৷মুঠতে নাজিৰা সমষ্টিত দুয়োজন প্ৰাৰ্থীৰ মাজত ঠায়ে ঠায়ে তীব্ৰ প্ৰতিদ্বন্দিতা হৈছে আৰু জয়-পৰাজয়ৰ ব্যৱধান কম ভোটৰ ব্যৱধানত হ’ব বুলি অনুমান কৰা হৈছে ৷বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ শিবিৰ সমানেই উৎসাহী হিচাবে দেখা গৈছে৷হয়তো নাজিৰাত দুই পক্ষৰে অংকত আউল লগাৰ সম্ভাৱনা প্ৰৱল ৷নাজিৰা নিৰ্বাচনী জিলাত ইং ১৯ এপ্ৰিল তাৰিখে নিৰ্বাচনী প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ গৈছিল আৰু এতিয়া আগন্তুক ৪ জুন তাৰিখত হ’বলগীয়া ২২৪ টা ভোট কেন্দ্ৰৰ ভোট গণনা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ইতিমধ্যেই নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে লগতে নিৰাপত্তা  ব্যৱস্থা কঠোৰ কৰা হৈছে