*নাজিৰাত নৱ-নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ দায়িত্বভাৰ গ্ৰহণ

PR NEWS ASSAM নাজিৰা : ২০১০ বৰ্ষৰ অসম অসামৰিক সেৱাৰ বিষয়া সব্যসাচী কাশ্যপে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ নাজিৰাৰ নৱনিযুক্ত মহকুমাধিপতি গৰাকীয়ে শিলচৰত সহকাৰী আয়ুক্ত হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ ঢেঁকীয়াজুলিত ৰাজহ চক্ৰ বিষয়া হিচাপেও কৰ্মৰত আছিল। দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে মহকুমা প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়া সকলে নৱনিযুক্ত মহকুমাধিপতি গৰাকীক উষ্ম আদৰণি জনায়। উল্লেখযোগ্য যে দায়িত্বতভাৰ গ্ৰহণ কৰিয়েই নৱনিযুক্ত মহকুমাধিপতি গৰাকীয়ে শিমলুগুৰিৰ নাট্য মন্দিৰত অনুষ্ঠিত কৰা ক’ভিড ১৯ ৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। নৱ-নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে এই সভাত নাজিৰা বাসী ৰাইজক উদ্দেশ্যি কয় যে বৰ্তমান আমি ক’ভিডৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি আছোঁ আৰু মোৰ দৃঢ় বিশ্বাস আছে যে অসম চৰকাৰৰ ক’ভিড সম্পৰ্কীয় নিৰ্দেশাৱলী আমি আখৰে আখৰে মানি চলিলে, এই দুৰ্যোগৰ পৰা আমি অচিৰেই ৰক্ষা পৰিম, এই ক্ষেত্ৰত ৰাইজৰ সহায় আৰু সহযোগিতাৰ প্ৰয়োজন। উক্ত পৰ্যালোচনা সভাৰ অন্তত তেওঁ  লিগিৰীপুখুৰী স্থিত ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে আৰু বিয়লি মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত সকলো বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এখন বৈঠকত মিলিত হয়। এই বিষয়ে মহকুমা তথ্য আৰু জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তাযোগে জানিবলৈ দিছে৷