PR NEWS ASSAM :নাজিৰা যুৱ অধিবক্তা তথা উদীয়মান সমাজকৰ্মী পংকজ মহন্তই নাজিৰা সমষ্টিবাসী ৰাইজৰ বাবে সেৱা কৰাৰ হেপাহেৰে আগুৱাব ধৰিছে৷ নাজিৰাৰ ৰাজনীতিত এক নতুন দিগন্তৰ আৰম্ভণি হোৱাৰ দিশে এক চৰ্চিত বিষয় ৷সি আগন্তুক দিনতহে লক্ষ্যণীয় হ’ব ৷২০০৯ চনতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণ সংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম সমাপ্ত কৰি ২০১১ চনৰ পৰা সাংবাদিকতা আৰম্ভ কৰা,২০১৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক লাভ কৰি ২০১৪ বৰ্ষৰ পৰা শিৱসাগৰ আৰু নাজিৰা ন্যায়িক আদালতত অধিবক্তা হিচাবে সেৱা আগবঢ়াই যোৱাৰ লগতে ২০১৬ চনৰ পৰা শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত সকলো ধৰ্মাৱলম্বী জাতি বৰ্ণ-নিৰ্বিশেষ, দুখীয়া-দৰিদ্ৰ তথা ৰাইজৰ প্ৰতি বিনামূলীয়া আইন সজাগতা সেৱা আগবঢ়াই আহিছে৷২০২২ চনত আন্তৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দুৰ্নীতি বিৰোধী বঁটা লাভ কৰিবলৈ সক্ষম হয়৷নাজিৰা প্ৰেছ ক্লাৱৰ আইনী উপদেষ্টাৰ লগতে নাজিৰাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাবে জড়িত৷দুখনকৈ শিক্ষানুষ্ঠানৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হিচাবে কাম কৰাৰ অভিজ্ঞতা আছে ৷নাজিৰা উকীল সন্থাৰ জন্ম লগ্নৰে পৰা দায়িত্ব লৈ কাম কৰি আগুৱাই লৈ সদৌ অসম উকীল সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাবে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷জাতীয়তাবাদীভাৱধাৰাত বিশ্বাসী সততা-নিষ্ঠা আৰু আপোচবিহীনভাৱে কাম কৰি যোৱা সাধাৰণ জীৱন শৈলীত থকা যুৱ অধিবক্তাজনৰ তেওঁৰ ৰাজনীতিৰ পথাৰত পদাৰ্পণ কৰাৰ বিষয়টিয়ে নাজিৰা বিধানসভা সমষ্টিত ৰাজনীতিৰ নতুন সমীকৰণ আৰম্ভ হৈছে ৷নিকা ভাৱমূৰ্ত্তিৰ শক্তিশালী যুৱনেতাৰ আগমণে আগন্তুক দিনত নাজিৰাৰ ৰাজনীতি যে আকৰ্ষণীয় হ’ব সি একপ্ৰকাৰ নিশ্চিত৷
নাজিৰাত নতুন ৰাজনৈতিক সমীকৰণ:এইবাৰ যুৱ অধিবক্তা পংকজ মহন্তৰ কুছকাৱাজ ৷
