PR NEWS ASSAM নাজিৰাঃ
এইবাৰ নাজিৰাত ভূমি বেদখলত নামিল একাংশ গণ্যমান্য ব্যক্তি৷
নাজিৰা নগৰ ৫ নং ৱাৰ্ডত অ’এনজিচিৰ সমীপত আৰু নাজিৰা সাপ্তাহিক বজাৰৰ কাষতে থকা অসম কোম্পানীৰ বৰ্তমানৰ চৰকাৰী ভূমি বেদখলত নামিল এটা চক্ৰ৷প্ৰশাসনক ভেঙুচালি কৰি অবৈধভাৱে মাটি পেলাই নলা-নৰ্দমা পুতি উক্ত ভূমি দখল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷এজন অৱসৰপ্ৰাপ্ত চাকৰিয়াল,ব্যৱসায়ী,ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী জড়িত এই চৰকাৰী ভূমি বেদখলত বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে৷ উক্ত ভূমি নিজৰ নামত পট্টা কৰাৰ কু -প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷কাৰ সাহসত এই কু -প্ৰচেষ্টা,পৰৱৰ্তী প্ৰতিবেদনত উক্ত ভূ-মাফিয়া নামসহ সবিস্তাৰে প্ৰকাশ কৰা হ’ব ৷
