PR NEWS ASSAMঃ
নাজিৰা মহকুমাৰ গেলেকীত অৱস্থিত আৰোগ্যম মেডিকেলত চিকিৎসা আগবঢ়াই আহিছিল।দেৱাশিস দত্তই ব্যৱহাৰ কৰি থকা প্ৰেছক্ৰিপচনত উল্লেখিত অসম মেডিকেল কাউঞ্চিলৰ পঞ্জীয়ন নং প্ৰকৃততে ডাঃ জেচী শ্বেতা মুকেশৰ নামতহে পঞ্জীকৃত হৈ থকা বুলি সূত্ৰত প্ৰকাশ ৷
বেলেগৰ নামত পঞ্জীকৃত পঞ্জীয়ন নং দেৱাশিস দত্তই ব্যৱহাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছিল৷ গুৱাহাটীৰ লাচিত নগৰ নিৱাসী তথা গুৱাহাটীৰ আৰ্য চিকিৎসালয়ত কৰ্মৰত এগৰাকী চিকিৎসকৰ অভিযোগৰ ভিত্তিত দেৱাশিস দত্ত নামৰ ভুৱা চিকিৎসকজনক আটক কৰে আৰক্ষীয়ে।অভিযোগকাৰীয়ে শিৱসাগৰ আৰক্ষী অধীক্ষকৰ ওচৰত তথ্য সংলগ্ন কৰি অভিযোগ দিছে। উক্ত অভিযোগৰ ভিত্তিত ভুৱা চিকিৎসকজনক গেলেকী আৰক্ষীয়ে আটক কৰি সোধা-পোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰে আৰু পৰৱৰ্তীসময়ত আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ইতিমধ্যে এই সংক্ৰান্তত গেলেকী আৰক্ষী থানাৰ ৫২/২০২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৩৬, ৪১৯,৪৬৮, ৪৭১ ৰুজু হৈছিল গোচৰ।
নাজিৰাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ৷
