PR NEWS ASSAM ৫ জুন : যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৭ নং নাজিৰা বিধানসভা সমষ্টিত জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সহাৰিৰ ফলত সদ্য সমাপ্ত ভোটদানৰ হাৰ ৮১.৭১ শতাংশ হৈছিল ৷ যোৱা কালি হৈ যোৱা নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভোটগণনা কক্ষত হৈ যোৱা ফলাফলনুসৰি কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ভোট গণনাৰ প্ৰথম ৰাউণ্ডৰ পৰা একেৰাহে পঞ্চম ৰাউণ্ডলৈকে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈতকৈ আগবাঢ়ি থাকি মুঠ ১৬ টা ৰাউণ্ডৰ ৯ টা ৰাউণ্ডতে অগ্ৰগতিৰে সৰ্বমুঠ ৭০৭২৭ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৭০৬০০ লাভ কৰে ৷যোৰহাট লোকসভাৰ অন্তৰ্গত একমাত্ৰ নাজিৰা বিধানসভা সমষ্টি য’ত কংগ্ৰেছ দলৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি থকাৰ পাছতো কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে মাত্ৰ ১২৭ ভোটৰহে বিজেপিৰ প্ৰাৰ্থীতকৈ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ল৷ ধাৰণা কৰামতে পূৰ্বৰ ভোটৰ অংকৰ হিচাব নিকাচ সকলো বিপৰীত হ’ল ৷ ইয়াৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীক বাদ দি অন্যান্য বিধানসভা সমষ্টিসমূহত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী গৰাকীক দলৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী থকাৰ পাছতো কংগ্ৰেছৰ প্ৰাৰ্থীৰ বৃহৎ অগ্ৰগতিৰ বিপৰীতে বিজেপি প্ৰাৰ্থীৰ বিধস্তই দলৰ সংগঠনত প্ৰশ্ন আহিছে ৷
নাজিৰাত গৌৰৱৰ ১২৭ টা ভোটত জয়৷যোৰহাট লোকসভাৰ নাজিৰা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা ৷
