PR NEWS ASSAM : নাজিৰা নগৰ ১ নং ৱাৰ্ডত অৱস্থিত ওপৰ নাজিৰা কৈৱৰ্ত্ত গাওঁৰ প্ৰায় ৯৫ ঘৰ লোকক নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা উচ্ছেদ জাননী জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷আগন্তুক ১৫ দিনৰ ভিতৰত উক্ত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি সদ্য জাৰি কৰা এন আৰ চি বে দখলী গোচৰ ৮/২০১৭-১৮/ জাননীত উল্লেখ কৰা হৈছে৷উল্লেখযোগ্য যে স্বাধীনোত্তৰ কালৰ পূৰ্বৰে সময়ৰপৰাই বসবাস কৰা খাজনা পৰিশোধ কৰি অহা উক্ত সম্প্ৰদায়ৰ লোকসকল দিখৌ নদীৰ আশে-পাশে বসতিস্থল হিচাবে থকাৰ পাছত কোনো এখন ৰাজ্য চৰকাৰে বসতিস্থলৰ সুব্যৱস্থা নকৰি এতিয়া বেদখলী হিচাবে চিহ্নিত কৰি তথা বাতাবৰণ,প্ৰাকৃতিক দুৰ্যোগৰ দোহাই দি উচ্ছেদ কৰিব খোজাৰ ব্যৱস্থাৰ প্ৰতিবাদ কৰি নাজিৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰথমে পুণৰ সংস্থাপন আৰু তাৰ পাছত উচ্ছেদ সম্ভৱ বুলি ৰাইজে ধৰ্ণা দিয়ে ৷দীৰ্ঘদিন ধৰি ৰাজনৈতিক দলসমূহ পৰু জনপ্ৰতিনিধিয়ে কেৱল যে ভোটৰ অংক কৰি থকা উক্ত এলেকাত আজি পৰ্যন্ত খিলঞ্জীয়া লোকক সুৰক্ষা প্ৰদানত ব্যৰ্থতাই আগন্তুক দিনত যে নাজিৰা নগৰত ৰাজনীতিৰ সমীকৰণ যে বেলেগ হ’ব সি নিশ্চিত ৷ লগতে চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ বিভাগৰ বাৰিষাৰ সময়ত এনে তৎপৰতাও যে এক ভেকোভাওঁনা আৰু ই জনহিতকৰ নহয় সি পুণৰবাৰ প্ৰমাণিত হ’ল ৷