নাজিৰাত কেন্দ্ৰীয় ৰঙালী উৎসৱ -২০২২ নাজিৰা নাট্যমন্দিৰৰ প্ৰাঙ্গণত উলহ-মালহেৰে উদযাপন কৰা হয়৷৩৭ বছৰ গৰকা এই বিহুৱে নাজিৰাৰ ব্যৱসায়ী,চাকৰিয়াল,সকলো দল তথা আছুৰ সহযোগত অনুষ্ঠিত কৰা হয়৷যোৰহাটৰ উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদ্বীপৰ গীতৰ শৰাই উপস্থিত ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় লগতে বিভিন্ন জাতি-জনগোষ্ঠীয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো প্ৰৰ্দৰ্শিত হয়৷বিহু সমিতিৰ হৈ উদযাপন সমিতিৰ সভাপতি ফটিক বৰুৱাই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে নাজিৰাবাসী ৰাইজক ধন্যবাদ জনাইছে৷
নাজিৰাত কেন্দ্ৰীয় ৰঙালী উৎসৱ -২০২২ উদযাপন ৷
