নাজিৰা মহকুমা প্ৰশাসন আৰু নাজিৰাৰ ক’ভিড চেণ্টাৰৰ যুটীয়া প্ৰচেষ্টাত এক সজাগতামূলক অভিযান আৰম্ভ কৰা হয়। নাজিৰা মহকুমাৰ মহকুমাধিপাতি লখিমী দত্তৰ তত্বাৱধানত আৰম্ভ কৰা এই অভিযানত নাজিৰাৰ ক’ভিড চেণ্টাৰৰ স্বাস্থ্যকৰ্মী, আশা কৰ্মী, গাওঁৰক্ষী বাহিনী , গাওঁবুঢ়া , এ. এন. এম. ৰ কৰ্মকৰ্তা সকলে সহযোগ কৰে। ন’ডেল স্বাস্থ্য বিষয়া প্ৰদ্যুৎ কোৱঁৰৰ নেতৃত্বত আৰু ক’ভিড চুপাৰভাইজাৰ ফাইজুৰ ৰহমানৰ সহায়ত কমিটি গঠন কৰা হয় আৰু এই কমিটিৰ অন্তৰ্গত আশা কৰ্মী, গাওঁৰক্ষী বাহিনী, গাওঁবুঢ়া সকলে মেজেঙাস্থিত কেইবাখনো গাওঁলৈ গৈ গাঁওৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে। ইতিমধ্যে সমগ্ৰ বিশ্বতে ক’ভিডৰ ২য় টি ঢৌয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত গাওঁ অঞ্চলৰ লোক সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য এই কাৰ্যসূচী নাজিৰা প্ৰশাসনে হাতত লয়। নাজিৰা প্ৰশাসনৰ তৰফৰ পৰা এই অভিযানত উপস্থিত থাকে নাজিৰা মহকুমাৰ নিৰ্বাচনী বিষয়া সুজাতা গগৈ আৰু তথ্য ও জনসংযোগ বিষয়া বৰ্ণালী দত্ত।
*নাজিৰাত ক’ভিদ সম্বন্ধীয় বিশেষ সজাগতামূলক অভিযান,ব্যাপক তৎপৰতা নাজিৰা স্বাস্থ্য বিভাগ আৰু মহকুমা প্ৰশাসনৰ৷
