PR NEWS ASSAM নিউজ ডেস্কঃ
ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা নাট্য মন্দিৰ, শিমলুগুৰি নাট্য মন্দিৰ, বৰচিলা চাহ বাগিচা আৰু মেকিপুৰ চাহ বাগিচাত নিৰ্মিত মডেল প্ৰতিষেধক কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে। তেওঁ উক্ত কেন্দ্ৰ সমূহত চলি থকা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ বিষয়ে বিস্তৃত ৰূপত পৰ্যালোচনা কৰাৰ লগতে চাহ বাগিচাৰ কৰ্মী সকলৰ মাজত ক’ভিদ সম্বন্ধীয় চৰকাৰৰ নীতি নিৰ্দেশনা তথা কভিডৰ সজাগতামূলক কাৰ্য্যৰ সফলতাৰ বিষয়ে চাহ বাগিচাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰে।মন্ত্ৰী গৰাকীয়ে কৰ’না প্ৰতিষেধক লবলৈ অহা লোক সকলৰ লগতে সকলো ৰাইজক সামাজিক দূৰত্ব বৰ্তাই ৰাখি কৰ’না মহামাৰীৰ বিৰুদ্ধে চলা যুঁজ খন সফল কৰি তুলিবলৈ আহ্বান জনায়। লগতে বিশাল টীকাকৰন অভিযান যাতে সূচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাজিৰা মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে।ৰাজ্য চৰকাৰে আৰম্ভ কৰা বৃহৎ টীকাকৰণ অভিযানৰ দ্বিতীয় দিনাৰ পৰিদৰ্শনৰ কালত তেওঁ শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা প্ৰমুখ্যে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, প্ৰশাসনিক বিষয়া, স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া, চাহ বাগিচাৰ প্ৰবন্ধক তথা প্ৰতিষেধক প্ৰক্ৰিয়াৰে সৈতে জড়িত স্বাস্থ্য কর্মীৰ সৈতে মত-বিনিময় কৰাৰ অন্তত নাজিৰা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে।

