কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তথা ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ্য নেতা অমিত শ্বাহে ১০৪ নং নাজিৰা বিধানসভা সমষ্টিত এক বিশাল গণ সমাৱেশ নাজিৰা নগৰ খেলপথাৰত অংশগ্ৰহণ কৰি নাজিৰা সমষ্টিত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া অকমণ্য ৰাজনীতিক তুলা-ধূনা দিয়ে ৷লগতে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক ৰাজ্যৰ থলুৱা লোকসকলৰ প্ৰতি অশনিৰ সংকেত বুলিও মন্তব্য কৰে৷সভাত উপস্থিত থাকে ৰাজ্যৰ বিত্ত,স্বাস্থ্য ,লোক নিৰ্মাণ বিভাগৰ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্বাচনী যুঁজ সভ্যতা ৰক্ষাৰ যুজঁ,বহিৰাগত শত্ৰুৰ বিৰুদ্ধে কৰা যুঁজ বুলি ভাষণত উল্লেখ কৰে৷সভাত উপস্থিত থাকে সাংসদদ্বয় তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছা,প্ৰাৰ্থীসকল ক্ৰমে ময়ুৰ বৰগোহাঁই,যোগেন মহন,সুৰভি ৰাজকুমাৰী,অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিৰণ্য কোৱঁৰ,সম্পাদক তুলসী গগৈ,বুৰঞ্জীবিদ তথা ৰাজ্যিক নেতা দয়ানন্দ বৰগোহাঁই,জেষ্ঠ্য নেতা শিৱ বদ্ৰা আদিকে ধৰি বহু দলীয় নেতা আৰু কাৰ্যকৰ্তা৷ভাষণত সকলোৱে দলীয় প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ বাবে উপস্থিত ৰাইজ আৰু নাজিৰা,মাহমৰা, শিৱসাগৰ,থাওৰা আৰু আমগুৰিবাসীক আহ্বান জনায়৷
নাজিৰাত কংগ্ৰেছৰ দুৰ্গত অমিত শ্বাহৰ ৰণডংকা,কংগ্ৰেছক তুলা-ধূনা৷
