*নাজিৰাত অ এন জি চিৰ অসম বিৰোধী চক্ৰক চৰম সকিয়নী ১০ সংগঠনৰ : থলুৱাক সংস্থাপনৰ দাবী ৷

_________________________

PR NEWS ASSAM.: অ.এন.জি.চি অসম সম্পদৰ মুখ্য কাৰ্যালয় নাজিৰাৰ সন্মুখত চি পি আই শিৱসাগৰ জিলা পৰিষদ আৰু ইয়াৰ গণসংগঠন, নিৰ্মাণ শ্ৰমিক, মহিলা সংঘকে ধৰি উমৈহতীয়া যৌথ মঞ্চই অ.এন.জি.চি. অসম সম্পদত সকলো কেইটা বৰ্গত থকা প্ৰায় ৯ হাজাৰ খালী পদত থলুৱাক অগ্ৰাধিকাৰ দি শীঘ্ৰে নিযুক্তি দিয়াৰ দাবীত, অ.এন.জি.চি. নিজা ৰিগসমূহ ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰ কৰাটো বন্ধ কৰাৰ দাবীত আৰু অসম সম্পদৰ মুখ্য কাৰ্যালয় নাজিৰাৰ পৰা নিবিদা বিভাগ, আইন বিভাগ, পৰিকল্পনা আৰু ব্যৱহাৰিক বিভাগ ,ৰসায়ন বিভাগ আৰু বিত্ত বিভাগ আদি গুৰুত্বপূৰ্ণ বিভাগ সমূহ দিল্লী আৰু আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ কৰি থকা পৰিকল্পনা বন্ধ কৰাৰ দাবীত, এক বিশাল গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ গণবিক্ষোভ স্থলিত অংশগ্ৰহণ কৰি এ আই টি ইউ চি শিৱসাগৰ জিলা পৰিষদৰ মুখ্য উপদেষ্টা আৰু চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে অ.এন.জি.চি.অসম সম্পদত সক্ৰিয় হৈ থকা এক অসম বিৰোধী চক্ৰই চৰকাৰৰ লগত মিলি ইয়াৰ মুখ্য কাৰ্যলয়টো দুৰ্বল তথা অপ্ৰাসংগিক কৰিবলৈ অপচেষ্টা কৰিছে বুলি এক গুৰুতৰ অভিযোগ আনিছে ৷ আৰু এই ষড়যন্ত্ৰ কিন্তু নাজিৰা আৰু শিৱসাগৰবাসী ৰাইজে কেতিয়াও সফল হ’বলৈ নিদিয়ে বুলি অসম বিৰোধী চক্ৰটোক কনক গগৈয়ে সকিয়াই দিয়ে ৷ আৰু এই প্ৰতিবাদৰ পিছতো যদি কৰ্তৃপক্ষই এটাও অসম বিৰোধী কামত অগ্ৰসৰ হয় তেন্তে প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হ’ব লাগিব বুলি কয় ৷ তেওঁ আৰু কয় যে এপদ এপদ কৈ নাজিৰাৰ পৰা বিভাগসমূহ স্থানান্তৰ, তৈলক্ষেত্ৰ আৰু গেছক্ষেত্ৰ ব্যক্তিগত পুঁজিপতিক হস্তান্তৰ কৰাৰ পিছত অতি শেহতীয়াকৈ অ.এন.জি.চি. নিজা ৰিগ সমূহ “পেট্ৰটেক”, “ নৰ্থ ইষ্ট ড্ৰিলিং” আৰু “চাউথ এছিয়া কনচাল্টেন্সী” নামৰ কোম্পানীকেইটাক হস্তান্তৰ কৰিবলৈ সিদ্ধান্ত কৰিছে আৰু ইতিমধ্যে এটা হস্তান্তৰ কৰিলে ৷ এইয়া চৰকাৰ আৰু অ এন জি চি(এল)ৰ সম্পূৰ্ণ অসম বিৰোধী তথা থলুৱা বিৰোধী সিদ্ধান্ত ৷ এই প্ৰক্ৰিয়া শীঘ্ৰে বন্ধ কৰিবলৈ গগৈয়ে দাবী জনায়৷ অ’ এন জি চি য়ে জাতীয় অৰ্থনীতিত , প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিবনুৱা সংস্থাপনত আৰু আন্তঃগাঁথনি তথা সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে ৷ যদি এই ধৰণে মুখ্য কাৰ্য্যালয়টো দুৰ্বল কৰি থাকে ভৱিষ্যতলৈ অসম সম্পদৰ মুখ্যকাৰ্য্যালয়টো ইয়াত থাকিও নথকাৰ দৰে হ’ব ৷ পূৰ্বে ব্যয়বহুলতা আৰু প্ৰযুক্তিগত অসুবিধা দোহাই দি তৈলক্ষেত্ৰ আৰু গেছ ক্ষেত্ৰ ব্যক্তিগত কৰণ কৰিলে ৷ এতিয়া এইদৰে এটা এটাকৈ বস্তু নাইকিয়া কৰি সমূলঞ্চে সম্পদটো ব্যক্তিগত পুঁজিপতিক গতাই দিবলৈ লৈছে ৷ ইয়াক আমি যিকোনো বিনিময়ত ৰক্ষা কৰিব লাগিব ৷ অন্যৰ্থা সমগ্ৰ শিৱসাগৰ বাসীয়ে অভাৱনীয়ভাৱে ক্ষতিসাধনৰ সন্মুখীন হ’ব লাগিব ৷ ভৱিষ্যতলৈ যুৱক যুৱতী সকলে অ এন জি চিত এটা চাকৰি পোৱাটোও পৰ্বতত কাছ কণি বিচৰা দৰে হ’ব ৷ বৰ্তমানৰ কৰ্মচাৰীসকলেও দিল্লী ডেৰাদুনলৈ ঢাপলি মেলিব লাগিব ৷ যিটো অত্যন্ত কঠিন হ’ব ৷ গতিকে সমূহ ৰাইজ আৰু বিশেষকৈ যুৱছাত্ৰ সমাজক ইয়াৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ ৷ আমি প্ৰধানতঃ অসম সম্পদত খনন উৎপাদন বৃদ্ধি কৰাৰ বাবে উন্নত প্ৰযুক্তিগত ৰিগ নিজাকৈ অ এন জি চি য়ে ক্ৰয় কৰিবলৈ দাবী জনাইছোঁ ৷ ৯০০০ কৈ খালী হৈ থকা পদত শীঘ্ৰে বিশেষকৈ থলুৱাক নিযুক্তি দিবলৈ দাবী জনাইছোঁ ৷ পূৰ্বৰ ১১৫০২ জনৰ পৰা বৰ্তমান আঢ়ৈ হাজাৰ কৰ্মচাৰীলৈ হ্ৰাস পালে যাৰ বাবে খাৰুৱা তেল উৎপাদনত হ্ৰাস পালে ৷ কোনো বিভাগ, ৰিগ, সম্পদ আদি যাতে অন্য স্থানলৈ স্থানান্তৰ নকৰে, বিক্ৰী নকৰে এইয়া অ.এন.জি.চি কৰ্তৃপক্ষক আমি নিশ্চিত কৰিবলৈ সকিয়াই দিছোঁ ৷ অন্যৰ্থা ৰাইজে জংগীধৰণে ইয়াক প্ৰতিৰোধ কৰিবলৈ বাধ্য হ’ব ৷এ আই টি ইউ চি শিৱসাগৰ জিলা সম্পাদক মদন বৰুৱাই প্ৰতিবাদী সভাৰ আঁত ধৰি অ.এন.জি.চি. য়ে যোৱা সময়ছোৱাত কৰি থকা থলুৱা বিৰোধী কামবোৰক চোকা সমালোচনা কৰি কয় যে ১৯৯১ চনত বহু লক্ষ মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰিবলৈ সক্ষম হৈছিল ইয়াৰ কৰ্মচাৰী সংখ্যা ১১০০০ তকৈ অধিক থকাৰ বাবে ৷ কিন্তু ক্ৰমান্বয়ে কৰ্তৃপক্ষই কৰ্মচাৰী সংখ্যা কমাৰই আনি অসম সম্পদটোক দুৰ্বল কৰি পেলাইছে ৷ যাৰ বাবে আমাৰ হাজাৰ হাজাৰ থলুৱা নিবনুৱা সংস্থাপনৰ পৰা বঞ্চিত হৈ আহিছে  বুলি বৰুৱাই উল্লেখ কৰে ৷ বিক্ষোভস্থলিত চি পি আইৰ জিলা সম্পাদক মণি বুঢ়াগোহাঁই, নিখিল ভাৰত কৃষক সভাৰ জিলা সম্পাদক কুশল বুঢ়াগোহাঁই, অসম মহিলা সংঘৰ নেত্ৰী নমিতা পানীফুকন, এ আই টি ইউ নেতা প্ৰণৱ চেতিয়া, যুৱ নেতা যোগেন চেতিয়া যুৱনেত্ৰী নয়নমণি গগৈয়েও কৰ্তৃপক্ষক চোকা সমালোচনা কৰি বক্তব্য ৰাখে ৷