PR NEWS ASSAM :সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা মহকুমাৰ নাজিৰা মহাবিদ্যালয়ৰ খেলপথাৰত অৰুণোদয় ৩.০ আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন হিতাধিকাৰী সংযোজন প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভণি অনুষ্ঠানৰ আৰম্ভণিতে শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত গীতালি দুৱৰাই উপস্থিত ৰাইজক সম্ভাষণ জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি মৃদুল মহন্ত,নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ পৌৰপতি ক্ৰমে বৰ্ণালী চেতিয়া আৰু কবিতা মেচ, নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি গায়ত্ৰী পাতিৰ, সহকাৰী আয়ুক্ত সকল, নাজিৰা মহকুমাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, কৰ্মচাৰী সকল, নাজিৰা মহকুমাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মী সকল, প্ৰায় দুই হাজাৰো অধিক হিতাধিকাৰীসকল লগতে স্থানীয় ৰাইজেে অংশগ্ৰহণ কৰে ৷