PR NEWS ASSAM
অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক দল অসম গণ পৰিষদ নাজিৰা বিধানসভা সমষ্টি এক বুথ সন্মিলন বিশাল গণ সমাৱেশৰে অনুষ্ঠিত হৈ যায় ৷নাজিৰা নগৰস্থিত এম চি ক্লাৱত পুৱা ১১ বজাৰ পৰা দিনটোজোৰা কাৰ্যসুচীৰে প্ৰায় তিনি হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে ৷উক্ত সন্মিলনত উপস্থিত থাকে বিধায়ক প্ৰদীপ হাজৰিকা, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী,দলৰ উপ সভাপতিদ্বয় তুলসী গগৈ, বলো কুৰ্মী, সাধাৰণ সম্পাদক নুৰুল চুলতান,জিলা সম্পাদক নিত্যা কলিতা, চৰাইদেউ জিলাৰ সভাপতি নাৰায়ণ লাহন,মহিলা পৰিষদৰ কেন্দ্ৰীয় সদস্যা কুঞ্জ গগৈ,অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি মৃদুল মহন্ত, সম্পাদকদ্বয় ইন্দ্ৰজিৎ দোলাকাষৰীয়া আৰু দুৰ্লভ মহন ,যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা,যুৱ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি পংকজ মহন্ত,মহিলা পৰিষদৰ নাজিৰাৰ সভাপতি অমিয়া গগৈকে ধৰি দলৰ বহু বিষয়ববীয়া আৰু নেতৃবৃন্দ৷সভাত যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়যুক্ত কৰাৰ সকলোকে আহ্বান জনায় ৷উক্ত সভাতেই সমষ্টিটোৰ প্ৰায় সাত শতাধিকৰো অধিক লোকে অসম গণ পৰিষদৰ প্ৰতি আস্থা ৰাখি যোগদান কৰে৷

