PR NEWS ASSAM: নাজিৰাত কংগ্ৰেছৰ শিবিৰত মোক্ষম আঘাত কৰি তথা ৰাষ্ট্ৰীয়তাবাদক প্ৰত্যাহ্বান জনাই সকলো ধৰ্ম,জাতি-বৰ্ণ নিৰ্বিশেষ লোকৰ মাজত ধৰ্ম নিৰপেক্ষ আৰু আঞ্চলিকতাবাদীৰ পৰিচয়েৰে ৰাজনীতি কৰি অহা অসম গণ পৰিষদ ৯৭ নং নাজিৰা বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত নাজিৰা নগৰত অৱস্থিত সমষ্টি সমিতিৰ স্থায়ী কাৰ্য্যালয়ত সমষ্টি সমিতিৰ সভাপতি মৃদুল মহন্তৰ সভাপতিত্ব নাজিৰা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক সমিতি সমূহৰ পৰা অহা ধৰ্মীয় সংখ্যালঘূ প্ৰতিনিধিৰ উপস্থিতত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে ম:নিজামুদ্দিন আলিক সভাপতি, ম: চুভান আলি , আৰু অধিবক্তা তফিকুৰ ৰহমানক যুতীয়া সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া ধৰ্মীয় সংখ্যালঘু পৰিষদ নাজিৰা সমষ্টি সমিতি গঠন কৰা হয়।উক্ত সভাত অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ক্ৰমে শ্ৰীযুত তুলসী গগৈ, শ্ৰীযুত বলোৰাম কুৰ্মী,অসম যুৱ পৰিষদৰ অন্যতম কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা, অসম চাহ কোষৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক লেদ্ৰা ওৰাং , অসম মহিলা পৰিষদৰ সম্পাদিকা চিলমী বৰা আলিকে প্ৰমূখ্য কৰি উপস্থিতি কেউজনে সভাত তেখেত সকলৰ বহুমূলীয়া বক্তব্য আগবঢ়াই উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই নাজিৰা সমষ্টি সমিতিৰ সম্পাদকদ্বয় ইন্দ্ৰজিৎ দোলাকাষৰীয়াই সভাত উপস্থিত থাকে আনজন সম্পাদক দুৰ্লভ মহনকে প্ৰমূখ্য কৰি সহকাৰী সম্পাদক খগেন বৰা , নাজিৰা সমষ্টি সমিতি অসম যুৱ পৰিষদৰ সভাপতি পঙ্কজ মহন্ত, সম্পাদক মনোৰঞ্জন গগৈ, নাজিৰা সমষ্টি সমিতি অসম মহিলা পৰিষদৰ সম্পাদিকা অনিমা ঘাটোৱাৰ উপস্থিত থাকে।সভাত আগন্তুক দিনত সকলো ধৰ্মীয় সংখ্যালঘু ৰাইজৰ সমস্যাসমুহ সমাধানৰ সূত্ৰ উলিয়াই আহিবলগীয়া নিৰ্বাচনসমুহত শক্তিশালীভাৱে কেনেদৰে প্ৰতিদ্বন্দ্ব্বিতা কৰি দলটিক আগুৱাই লৈ যাব পাৰি তাৰ ৰণকৌশল প্ৰস্তুত কৰা হয়৷
নাজিৰাত অসম গণ পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ গঠন৷
