নাজিৰাত অনুসূচীত জাতিৰ চৰকাৰী সাহায্য বিতৰণত অনিয়মৰ অভিযোগ

PR NEWS ASSAM :অনুসূচীত জাতিৰ নাজিৰাত অনুসূচীত জাতিৰ চৰকাৰী সাহায্য বিতৰণত অনিয়মৰ অভিযোগ ৷বাতৰিকাকত নাজিৰা ৮ মাৰ্চ সাহায্য বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে নাজিৰা নগৰ এক নং ৱাৰ্ডত ৷অভিযোগ অনুসৰি অসম চৰকাৰৰ অনুসূচীত জাতিৰ প্ৰতি নিৰ্ধাৰণ কৰা নিত্য প্ৰয়োজনীয় সামগ্ৰী যেনে গেছ বাৰ্ণাৰ আদি লাভৰ আচনিৰ পৰা উক্ত ৱাৰ্ডৰ বহু লোক বঞ্চিত হৈছে ৷নাজিৰা মহকুমা কল্যাণ কাৰ্যালয়ৰ পৰা বিতৰণ হোৱা আচনিৰ প্ৰ- প্ৰত্ৰসমূহ উক্ত ৱাৰ্ডৰে কেইজনমান মুষ্টিমেয় ব্যক্তিয়ে নি নিজৰ আত্মীয় -কুটুম আৰু বিশেষ ব্যক্তিক বাচি বাচি আচনিৰ হিতাধিকাৰী হিচাবে বিবেচনা কৰাৰ অভিযোগ উঠিছে ৷এই সন্দৰ্ভত ৱাৰ্ডৰ প্ৰায় চল্লিশ গৰাকী ব্যক্তিয়ে নাজিৰা মহকুমাধিপতিক উচিত তদন্তৰ দাবীৰে এক অভিযোগ দাখিল কৰিছে ৷অনুসূচীত জাতিৰ ৱাৰ্ডৰ কেইজনমান সদস্য আৰু স্থানীয় শাসক পক্ষৰ কেইজনমান লোকে এই খেলিমেলি কৰাৰ অভিযোগ আনিছে ৷