PR NEWS ASSAM নাজিৰাঃ
অসম গণ পৰিষদ নাজিৰা বিধান পৰিষদে আগন্তুক পৌৰ নিৰ্বাচন বাবে তৎপৰতা আৰম্ভ কৰিছে৷দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী,বৰ্তমান ৰাজ্য চৰকাৰৰ হাইড্ৰ-কাৰ্বন বৰ্ডৰ অধক্ষ্য হিৰণ্য কোৱঁৰৰ উপস্থিতিত আগন্তুক পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে দলটোৰ নাজিৰা বিধান পৰিষদৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়৷সভাত উপস্থিত থাকে দলৰ কেন্দ্ৰীয় সম্পাদকদ্বয় তুলসী গগৈ,দিগন্ত কোৱঁৰ ,বিধান পৰিষদৰ সভাপতি মৃদুল মহন্ত,সম্পাদক প্ৰাঞ্জল বৰঠাকুৰ,লোহিত গগৈ,দিলীপ কটকীকে ধৰি কেইবাজনো জেষ্ঠ্য বিষয়ববীয়া আৰু দলীয় কৰ্মী৷সভাত নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডতে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত লয়৷লগতে মিত্ৰদল ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাৰে নিৰ্বাচনী যুজঁত বুজাপৰাৰ মাজেৰে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পোষকতা কৰে৷দলীয় সূত্ৰে প্ৰকাশ যে ইতিমধ্যে কেইবাটাও ৱাৰ্ডত দলৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত হোৱাৰ পথত আগবাঢ়িছে৷

