নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্রস্তুত নকৰাকৈ ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত দীৰ্ঘম্যাদী ভিছা থকা বিদেশী সকলক সংস্থাপিত কৰাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা অধিসূচনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া:- দেবব্ৰত শইকীয়া

অসমত নিৰ্বাচনৰ আগমুহুৰ্তত যোৱা ১৯ মাৰ্চ তাৰিখে কেন্দ্ৰীয় গৃহ বিভাগৰ পৰা নাগৰিকত্ব প্ৰদান কৰাৰ ওপৰত জাৰি কৰা এখন অধিসূচনাৰ উদ্ধৃতি দি অসম চৰকাৰে অসমৰ কেইবাখনো জিলাৰ আয়ুক্ত, উপায়ুক্ত তথা আৰক্ষী অধীক্ষক সকলক এখন নিৰ্দেশনা জাৰি কৰি পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা কেতবোৰ লোকক যিসকলৰ দীৰ্ঘম্যাদী ভিছা আছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল। এই দেশ কেইখনত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা লোকসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ নাগৰিকত্ব সংশোধনী আইনখন কেন্দ্ৰীয় চৰকাৰে আনিছিল। কিন্তু এতিয়া প্ৰশ্ন হয়, এতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইনখনৰ বিধি প্ৰস্তুত নকৰাকৈ দীৰ্ঘম্যাদী ভিছা”ৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰি আওপকীয়াকৈ চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন বলৱত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে নেকি? যদি এনেকুৱা হয়, তেন্তে অসম চুক্তিৰ সম্পূৰ্ণ উলংঘন হ’ব আৰু অসমীয়াৰ ওপৰত এক প্ৰতাৰণা হ’ব। অসমৰ জনগণই আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী আইনখন মানি ল’ব বিচৰা নাই। যদিও যোৱা নিৰ্বাচনত বিজেপি দলে ৬০ খন আসন লাভ কৰিছে আৰু ভোটৰ হাৰ বিজেপি দলে ৩৩.২১% পাইছে আৰু কংগ্ৰেছ দলে ২৯.৬৭% পাইছে। সেই হিচাপত ও অসমৰ প্ৰায় ৬৭% লোকে এই আইনখনৰ বিপক্ষত আছে। বিজেপি দলে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এই আইনখন তাৰ সম্পূৰ্ণ পৰিপন্থী। যিহেতু ২০১৯ চনৰ ৩১ আগষ্টত অসমৰ ৰাইজে ১৯৭১ চনৰ আধাৰত বহু অপেক্ষাৰ অন্তত এন আৰ চি খন পাইছিল আৰু তাত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল, সেইসকলে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে নিজৰ নিজৰ গোচৰ ৰুজু কৰি ওজৰ আপত্তি দৰ্শাবলৈ উচ্চতম ন্যায়ালয়ে সুযোগ দিছিল। তেনে ক্ষেত্ৰত ইয়াক অগ্ৰাহ্য কৰি আওপকীয়াকৈ নাগৰিকত্ব প্ৰদান কৰাৰ যি প্ৰয়াস চৰকাৰে কৰিছে, সেয়া দুৰ্ভাগ্যজনক। ইতিমধ্যে ইয়াৰ বাবে বহুতো ন্যায়াধীশ তথা কৰ্মচাৰী ও নিযুক্ত কৰা হ’ল। গতিকে এন আৰ চি খন গ্ৰহণ কৰি এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ মই ইয়াৰ জৰিয়তে চৰকাৰক দাবী জনাইছোঁ।

PR NEWS ASSAM,নাজিৰা

যদি চৰকাৰে এতিয়া “দীৰ্ঘম্যাদী ভিছা”ৰ আধাৰত অসমত নতুনকৈ নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা লয়, তেন্তে অসমত ” ইনাৰ লাইন পাৰ্মিট ” জাৰি কৰিব লাগে, নহ’লে অসমৰ খিলঞ্জীয়া নাগৰিক সকল অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অসুৰক্ষিত হৈ যোৱাৰ আংশকা প্ৰকট ৷