PR NRWS ASSAM :নাজিৰাৰ চানবছা গাওঁস্থিত কোটি টকীয়া দুগ্ধ প্ৰকল্প আৰ্থিক অনিয়ম আৰু আভ্যন্তৰীণ বিশৃংখলতাৰ ফলত বন্ধ হৈ প্ৰকল্পটোৰ বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে আৰু তাৰ সা-সৰঞ্জাম,মেচিন আদি ক্ৰমাৎ নষ্ট হ’বলৈ ধৰিছে ৷ নাজিৰা মহকুমা পশু চিকিৎসালয়ৰ একালৰ পশু চিকিৎসক ডাঃ জগদীশ বৰ্মনৰ উদ্যোগত বৃহত্তৰ নাজিৰাৰ কৃষকসকলক লৈ গঠন কৰা সুন্দৰপুখুৰী দুগ্ধ সমবায় সমিতিয়ে ২৫০ ৰো অধিক দৰিদ্ৰ সীমাৰ ৰেখাৰ তলৰ পৰিয়ালৰ জীৱিকাৰ এক উৎস হিচাপে সপোন দেখুৱাই প্ৰথম অৱস্থাত কিছু সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত দৈনিক ৪০০ লিটাৰৰো অধিক দুগ্ধ উৎপাদন কৰি উক্ত সমিতিখনে গ্ৰাম্য অৰ্থনীতিত বছৰি এক কোটি টকাতকৈ অধিক টকাৰ অৱদান আগবঢ়োৱাৰ কথা অসমৰ পশুপালন বিভাগৰ ৱেবছাইটতো উল্লেখ কৰিছিল “কাৰেং” নামৰ নিজস্ব ব্ৰেণ্ডৰ অধীনত সমিতিখনে বিপণন নেটৱৰ্ক আৰম্ভ কৰাৰ লগতে নাজিৰাৰ চানবছা গাঁৱত বহু কোটি টকা ব্যয়েৰে এটা দুগ্ধ বিশুদ্ধিকৰণ প্ৰকল্প স্থাপন কৰিছিল। কিন্তু অভ্যন্তৰীণ বিশৃঙ্খলতাৰ ফলত কোটি টকাৰ এই প্ৰকল্পটো বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। প্ৰকল্পটোত সংস্থাপিত মূল্যৱান যন্ত্ৰপাতি আৰু সঁজুলিসমূহো পৰিত্যক্ত অৱস্থাত থাকি নষ্ট হ’ব ধৰিছে।স্থানীয় লোকৰ অভিযোগ অনুসৰি, গাঁৱৰ দৰিদ্ৰ আৰু অল্পশিক্ষিত লোকসকলৰ বহুতেই প্ৰশাসনিক প্ৰক্ৰিয়াৰ বিষয়ে অৱগত নাছিল ৷সমবায় সমিতিখন গঠন কৰি সেই সময়ৰ নাজিৰা অন্যতম পশু চিকিৎসক ডাঃ জগদীশ বৰ্মনে কাৰ্যতঃ সমিতিখনৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিছিল।লগতে বিভাগীয় উদ্ধতন কতৃপক্ষকো এক প্ৰকাৰ মেনেজ কৰি আহিছিল ৷উক্ত প্ৰকল্পত কেৱল সা-সৰঞ্জাম ক্ৰয়ৰ বাবেই এক কোটি বাৰ লাখৰো অধিক টকা বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছিল ৷তথ্য সংগ্ৰহ কৰামতে এই প্ৰকল্পলৈ শিৱসাগৰ জিলাৰ সমূহ বিধায়কৰ পুঁজিৰ পৰা ৩২৫০০০০ টকা,জিলা পৰিষদৰ পৰা ৩৫০০০০ টকা,ডি আৰ ডি এ ৰ পৰা ১৪০০০০০ টকা,পশুপালন বিভাগৰ দ্বাৰা ১৭৫০০০০ টকা,দুগ্ধ উন্নয়ন বিভাগৰ পৰা ২৩৯৪১৮০ টকা,অ’ এন জি চিৰ পৰা ২৫০০০০ টকা আৰু সমবায় বিভাগৰ পৰা ১৮০৮৫০৯ টকাৰ অৰ্থাৎ মুঠ ১১২০২৬৮৯ টকাৰ অনুদান আগবঢ়োৱা হৈছিল৷ গ্ৰামাঞ্চলৰ লোকে সহজে বুজি নোপোৱা এনে লুণ্ঠনৰ বজাৰ তথা সমবায় খুলি সমবায় খনৰ হৰ্তাকৰ্তা বিধাতা হৈ পৰা ডাঃ জগদীশ বৰ্মনে কৌশলেৰে এই সমবায়ৰ ধনৰ সৎব্যৱহাৰ নকৰাৰ ফলতেই এই সম্ভাৱনাপূৰ্ণ প্ৰকল্পটো মৃত্যু মুখত পৰা বুলি বহু লোকে অভিযোগ উণ্থাপন কৰিছে৷কোটি কোটি টকাৰ ৰাজহুৱা সম্পত্তিৰ এনেদৰে অপব্যয় হোৱা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে তদন্তৰ দাবী কৰাৰ লগতে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি এই সম্ভাৱনাপূৰ্ণ দুগ্ধ উদ্যোগটো পুনৰ উজ্জীৱিত কৰিবৰ বাবে অসম চৰকাৰৰ বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে ৷এনে প্ৰেক্ষাপটত চৰকাৰে কি বিহিত ব্যৱস্থা লয় সি হে আগন্তুক দিনত লক্ষ্যণীয় হ’ব ৷
ধ্বংসৰ দিশলৈ গতি নাজিৰাৰ কোটি টকীয়া দুগ্ধ প্ৰকল্প ৷
