দেৰগাওঁত ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু৷

গোলাঘাটৰ আঠখেলীয়াৰ বছা ভৰলুৱা গাঁৱৰ ১২ জনকৈ লোকৰ দেৰগাওঁৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱা মৃত্যুৱে সমগ্ৰ দেশত শোকাকুল কৰি গৈছে৷স্ফুৰ্টি কৰি থকা গাঁওখনৰ চাৰিওফালে আজি কেৱল কান্দোনৰ ৰোল। চৌদিশে কেৱল শোকাকুল পৰিৱেশ। গন্তব্য স্থান আছিল তিনিচুকীয়া, পৰিকল্পনা আছিল কেইবাদিন পূৰ্বৰে। একেখন গাঁৱৰে কেইবাগৰাকীও সদস্যই তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ যাব, নতুন বৰ্ষ উপলক্ষে সকলো মিলি লগে-ভাগে এসাঁজ খোৱাৰ মনেৰে আৰু কিছুদিন পিছৰ পৰা আৰম্ভ কৰিব ভোগালী বিহুৰ প্ৰস্তুতি। কিন্তু আশা সপোন বাস্তৱ নহ’ল আৰু কাহানিও নহয়। ধলপুৱাই গাঁওখনলৈ আহিল এটা মৰ্মান্তিক খবৰ৷ দেশৰ প্ৰধানমন্ত্ৰী,ৰাষ্ট্ৰপতি ,ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সকলোৱে শোক প্ৰকাশ কৰিছে আৰু নিহত – আহত সকললৈ এককালীন ক্ষতিপূৰণৰ ঘোষণা কৰিছে ৷ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজক ঠাণ্ডাকালিৰ ধলপুৱাতে বনভোজলৈ যোৱাটোত এৰাই চলিবলৈ অনুৰোধ জনাইছে৷কিয়নো কুৱলীৰ বাবেই এনে হৈছে বুলি প্ৰকাশ কৰিছে৷ উক্ত ঘটনা কয়লা পৰিৱাহী ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ পৰিণতিত কুৱলীৰ কাৰণেই এনে দুৰ্ঘটনা সংঘটিত হয়৷