*প্ৰাক্তন এ আই চি চিৰ সাধাৰণ সম্পাদক তথা সাংসদ আহমেদ পেটেলৰ আজি পুৱতি নিশা গুৰগাঁও হাস্পতালত দেহাৱসান ঘটে। উল্লেখ্য যে তেওঁ কিছুদিনৰ পৰা ক’ভিড ১৯ৰ সৈতে যুঁজ দি আছিল৷
*কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী কিছু সময়ৰ পূৰ্বে গোৱাৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হয়। তেওঁ পোনে পোনে কলাক্ষেত্ৰলৈ যাব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনাব ৷
*ৰাজ্যখনৰ কেইবাখনো জিলাৰ জিলা পৰিবহন বিষয়াক বদলি কৰা হৈছে। গৌতম দাসক কামৰূপ মহানগৰৰ নতুন পৰিবহণ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ।তাৰোপৰি পূৰ্বৰ কামৰূপৰ জিলাৰ পৰিবহন বিষয়া বাপন কলিতাক বদলি কৰা হৈছে মৰিগাঁৱলৈ। মাজুলীৰ জিলা পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসক বঙাইগাঁৱলৈ বদলি কৰা হৈছে। কাছাৰৰ জিলা পৰিবহণ পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াক শিৱসাগৰলৈ বদলি কৰা হৈছে। শিৱসাগৰৰ ডিটিঅ’ সঞ্জীৱ হাজৰিকাক ডিব্ৰুগড়লৈ বদলি কৰা হৈছে৷
*কাইলৈ ভাৰত বন্ধৰ আহ্বান ১০টা শ্ৰমিক সংগঠনৰ ৷
* ৭ বছৰৰ পাছত উভতিব ক্ৰিকেট জগতলৈ শ্ৰীসান্ত ৷