দিছপুৰতে ভূমি কেলেংকাৰী ৷ গ্ৰেপ্তাৰ লাট মণ্ডল ৷

PR NEWS ASSAM ঃ ৰাজধানী দিছপুৰতে ভূমি নথিপত্ৰ কেলেংকাৰীত দালাল, অধিবক্তা, কম্পিউটাৰ সহায়কৰ পিছত সাঙোৰ খাইছে ইজনৰ পাছত সিজন চৰকাৰী কৰ্মচাৰীৰ নাম। ভূমি নথিপত্ৰ কেলেংকাৰীত আৰক্ষীয়ে জেৰা কৰিছে দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ ইজনৰ পিছত সিজন কৰ্মচাৰীক আৰু জালত পৰিছে আৰক্ষীৰ। শনিবাৰে দিছপুৰ ভূমি নথিপত্ৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলজনৰ নাম বাপধন দাস। আৰক্ষীয়ে জেৰাৰ অন্তত উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত দাসক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নথি জালিয়াতিত বাপধন দাস জড়িত থকাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে লাট মণ্ডল বাপধন দাসক।

Block Title