ডিমৌত ৫৭০ বেগ ধান সাময়িকভাৱে জব্দঃ কৃষকক উপযুক্ত মূল্য দিয়াত গুৰুত্ব বিভাগীয় কতৃপক্ষৰ ৷

PR NEWS ASSAM ১৪ ডিচেম্বৰঃ- শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত কমলদৈপুৰ অঞ্চলৰ কৃষকৰ পৰা চৰকাৰী নিৰ্ধাৰিত মূল্যতকৈ কম দামত ক্ৰয় কৰা ৫৭০ বেগ ধান ১৩ ডিচেম্বৰ তাৰিখে এন এল ০৮ ডি ৯৩০২ নম্বৰযুক্ত এখন ট্ৰাকত ডিমৌৰ পৰা তিতাবৰ অভিমুখে বিক্ৰীৰ বাবে লৈ যোৱা হৈছিল। বিশেষ সূত্ৰৰ ভিত্তিত উক্ত ধানখিনি ট্ৰাকখনৰ সৈতে ডিমৌত জব্দ কৰা হয় যাতে উক্ত ধানখিনি তিতাবৰত বিক্ৰী কৰাৰ পৰিবৰ্তে ধানৰ প্ৰকৃত গৰাকীক উপয়ুক্ত চৰকাৰী সমৰ্থন মূল্য প্ৰদান কৰিব পৰা যায়।আজি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম আৰু ডিমৌ ৰাজহ চক্ৰ বিষয়া(সংলগ্ন) মেৰি ৰালচুল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰে। জিলা কৃষি বিভাগ আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া সকলৰ সহযোগত উক্ত ধানখিনি জোখ-মাখ কৰা হয় আৰু ধানখিনি ডিমৌস্থিত ধান ক্ৰয় কেন্দ্ৰত সদ্যহতে মজুত কৰি ৰখা হৈছে।পৰৱৰ্তী সময়ত উক্ত ধানখিনি প্ৰকৃত কৃষকৰ পৰিচয় লৈ চৰকাৰী সমৰ্থন মূল্যত কৃষক সকলৰ প্ৰাপ্য ধনৰাশি প্ৰদান কৰা হ’ব বুলি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তৰফৰ পৰা জানিবলৈ দিছে ৷