টীয়কত অসম জাতীয় পৰিষদৰ সমষ্টি সমিতি গঠন৷

PR NRWS ASSAM যোৰহাট

ৰাজ্যত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ক্ৰমাৎ সমষ্টিয়ে সমষ্টিযে বাঢ়িছে সাংগঠনিক তৎপৰতা ব্যতিক্ৰম নহয় ১০২ নং টীয়ক বিধান সভা সমষ্টিও শাসক বিৰোধী প্ৰতিটো দলৰে প্ৰাৰ্থীত্ব প্ৰয়াসীযে ভিৰ কৰিছেহি সমষ্টিটোত। ঠিক একেদৰেই ৰাজ্যত নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদেও ক্ৰমাৎ যেন খোপনি পুতিবলৈ আৰম্ভ কৰিছে চেষ্টা সেয়ে আজি দলটোৱে টীয়কত গঠন কৰে সমষ্টিৰ এখন সাংগঠনিক সমিতি ।টীয়কৰ ফুডভিল্লাত অনুষ্ঠিত দলটোৰ এখন সভাত ৰাজ্যিক সমন্বয়ক অদীপ কুমাৰ ফুকনৰ উপস্থিতত অনুষ্ঠিত এই সভাত টীয়কৰ অৱসৰপ্ৰাপ্ত শিক্ষক কিৰণ চন্দ্ৰ গোস্বামীয়ে সভাপতিত্ব কৰে ।সৌৰভ বৰা,মাধুৰ্য চাংকাকতিয়ে আঁত ধৰা এই সভাত ৰাজ্যিক আহ্বায়ক অনুপ ফুকনকে ধৰি কেইবাগৰাকীও নেতা থাকি আগন্তুক দিনত দলীয় কামকাজ আগবঢ়াই নিবলৈ টীয়ক সমষ্টিৰ বাবে ৭৪ জনীয়া এখন সমষ্টি সমিতি গঠন কৰি আঞ্চলিকতাবাদৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে।