PR NEWS ASSAM টিহুঃ
টিহু অঞ্চলৰ উচ্চশিক্ষাৰ অনুষ্ঠান টিহু মহাবিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে নতুন শিক্ষানীতি-২০২০ৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক আলোচনা চক্ৰৰ আজি সামৰণি হয় | সৰস্বতী বন্দনাৰে আৰম্ভ কৰা আলোচনা চক্ৰখনত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰি বিষয়বস্তুৰ ওপৰত বক্তব্য দিয়ে ,টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ কুমাৰ তালুকদাৰে | টিহু মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড০ সুনীল কুমাৰ দাসে আঁতধৰা আলোচনা চক্ৰখনত আদৰণি ভাষণ দিয়ে নেহুৰ অধ্যাপক ড০ বি পি চাহুৱে | ড০ সুমিত আগৰৱালাই সঞ্চালনা কৰা আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিষয় বস্তুৰ ওপৰত বহল ব্যাখ্যা আগবঢ়ায় সজল শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় কহিমাৰ অধ্যক্ষ ড০ গনেশ মুছাহাৰী , ড০ বি পি চাহু আৰু মেঘালয়ৰ ইউ এচ টি এমৰ সহযোগী অধ্যাপক ড০ এচ যোশীয়ে | আলোচনা চক্ৰখনত টিহু মহাবিদ্যালয়, সৰ্বেশ্বৰ দাস মহাবিদ্যালয় , বি এড কলেজ আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক-ছাত্রৰ উপৰি টিহু মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অংশ গ্ৰহণ কৰে।

