# টিহুত পথ নিৰ্মাণত অঘটন # শ্ৰমিক নিহত #

 
PR NEWS ASSAM টিহুঃ টিহুত আজি  পথ নিৰ্মাণত সংঘটিত হয় এক  অঘটন । কৰ্মৰত অবস্থাত শ্ৰমিকৰ ওপৰেৰে চলিল ৰোলাৰ । থিতাতে নিহত হয়  এগৰাকী মহিলা শ্ৰমিক  । নিহত মহিলা  শ্ৰমিক জনৰ নাম ফুল খাতুন (৫৫)৷ খাতুনৰ  ঘৰ বৰপেটা জিলাৰ  কয়াকুছিত৷ উল্লেখ্য যে টিহুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুছিৰ পৰা জলখানালৈ ৮ কিল’ মিটাৰ পথ ১০কোটি টকীয়া  চিগনেচাৰ আঁচনিৰ জৰিয়তে নিৰ্মাণৰ কাম চলি আছিল । আজি  টিহু নগৰত নিৰ্মাণৰ কাম  চলি থকাৰ সময়তে সংঘটিত হয় এই অঘটনটো । পিছত  মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *