PR NEWS ASSAM ,টিহুঃ
টিহু বিমল অটো এজেঞ্চিৰ তত্বাবধায়ক ৰাতুল কলিতাৰ নেতৃত্বত কভি’ড প্ৰট’কল মানি জৰুৰী সেৱাৰ লগত জড়িত সাংবাদিক,প্ৰশাসনৰ লোক সকল চিকিৎসাৰ লগত জড়িত কভি’ড যোদ্ধা সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় উক্ত অনুষ্ঠানত টিহু আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া ৰত্নকান্ত শৰ্মা,টিহু প্ৰেৰন গোট চিকৎসালয়ৰ তত্বাবধায়ক ডা: প্ৰমোদ তালুকদাৰ, টিহু সাংবাদিক সন্থাৰ সভাপতি তথা নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা,সম্পাদক ভাস্কৰ কলিতা, সহ: সম্পাদক লিখন ঠাকুৰীয়া প্ৰমুখ্যে বিষয়ববীয়া সকল উপস্থিত থাকে ৷
