টিহুত আৰম্ভ “মহো হো” উৎসৱ ৷

 PR NEWS ASSAM টিহুঃ  আজি সন্ধিয়া মুখৰিত হৈ পৰিছে বৃহত্তৰ টিহু অঞ্চল। আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা আজি নামনি অসমত পালন কৰা অন্যতম “মহো হো” উৎসৱ  উপলক্ষ্যে টিহুৰ বিভিন্ন স্হানত সন্ধিয়াৰ পৰা নিশালৈ  মহখেদা গীত গাই শিশুৰ পৰা বৃদ্ধৰ বিভিন্ন গোটে গৃহস্থক  আৰ্শীবাদ দিয়া পৰিলক্ষিত হয়। ইপিনে, টিহু নগৰত ক’ভিড প্ৰট’কল মানি টিহু সাংস্কৃতিক কলা পৰিষদৰ উপৰিও  কেইবাগৰাকী জেষ্ঠ নাগৰিকেও মহখেদা গীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে সামাজিক মিলাপ্ৰীতি বঢ়োৱাৰ উপৰিও সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল কৰা বুলি বিশ্বাস থকা অসমৰ  অন্যতম লোক সংস্কৃতি “মহো হো উৎসৱ” নামনি অসমৰ বিভিন্ন স্থানত আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা পালন কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *