অসমৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ জিলা নাজিৰা মহকুমা আৰু জিলাখনতো জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মচাৰী সকলে সৰ্বাত্মক অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । জিলা আৰু মহকুমাত কৰ্মৰত প্ৰশাসনিক কৰ্মচাৰীসকলে একমুখে নিযুক্তিৰ শিক্ষাগত অৰ্হতা অনুসৰি উপায়ুক্ত সংস্থাপনৰ ৩ য় বৰ্গৰ কৰ্মচাৰী সকলক গ্ৰেজুৱেট গ্ৰেড পে প্ৰদান কৰক , উপায়ুক্ত কাৰ্যালয়সমুহত অধীক্ষক , মুখ্য সহায়ক আৰু গাননিক পদৰ সৃষ্টি কৰক , নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক , চৰকাৰে বন্ধ কৰি ৰখা মৰগীয়া বানচ মুকলি কৰি দিয়ক আদি দাবী তোলে । সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত তথা জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত ১৯ আৰু ২০ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ৰূপায়িত উক্ত ধৰ্মঘট কাৰ্যসূচীত জিলা প্ৰশাসনৰ অধীনৰ অৰ্ধশতাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে৷
জিলা প্ৰশাসন কৰ্মচাৰীৰ অসহযোগ আন্দোলন কাৰ্যসূচীঃ নাজিৰাতো দুদিন ধৰি স্তব্ধ প্ৰশাসনিক কাম – কাজ ৷
