PR NEWS ASSAMঃ অহা ইং ৮ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰঅন্তৰ্গত তিনিটা নিৰ্বাচনী সমষ্টি ক্ৰমে ৰজাবাৰী, টেঙাপানী আৰু কটিয়ৰিত ভোটগ্ৰহণ অনুস্থিত হ’ব। এই উপলক্ষে শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত তথা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত বিষয়া শোভন গোৱলাৰ অধ্যক্ষতাত এখন সভা অনুস্থিত হৈ যায় । সভাত ব্যক্ত কৰা অনুসৰি ইতিমধ্যে ১১ অক্টোবৰ তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে আৰু ১২ অক্টোবৰ তাৰিখৰ পৰা ১৯ অক্টোবৰ তাৰিখলৈকে মনোনয়ন পত্ৰ দাখিল সম্পন্ন হয় । অহা ২৫ অক্টোবৰ তাৰিখে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু ১০ নৱেম্বৰ তাৰিখে ভোট গণনা কৰা হ’ব ।উল্লেখযোগ্য যে টেঙাপানী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১১৫৩ জন, কটিয়ৰী সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১৪৩৬ জন আৰু ৰজাবাৰী সমষ্টিত মুঠ ভোটাৰ সংখ্যা ২০৩৩ জন ।
সভাত সৰ্বমুঠ ২৪ টা বিভিন্ন নিৰ্বাচনী কোষে পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় ।
সভাত জিলা উন্নয়ন আয়ুক্তৰ উপৰিও অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে কৰ্মদেৱ ব্ৰহ্ম, চন্দনা বৰুৱা, ড০ মন্দিৰা বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষকদ্বয় ডাঃ দেৱজিত নাথ, আৰিফ আহমেদ, চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ আদিকে ধৰি নিৰ্বাচনী দায়িত্বত নিয়োজিত হ’বলগীয়া বিষয়াসকল উপস্থিত থাকে৷
জনসংযোগ শিৱসাগৰ প্ৰেছ বাৰ্তা নং ১০৪ । শিৱসাগৰত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন৷
