নাজিৰা, ২৩ নৱেম্বৰ
চৰকাৰী নিৰ্দেশনা নং ই.এল.ই ১৭/২০২০/৭২, দিছপুৰ ২১ নৱেম্বৰ,২০২০ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা নিৰ্বাচন জিলাত অহা ইং ২৮,২৯ নৱেম্বৰ ২০২০ আৰু ৫, ৬ ডিচেম্বৰ ২০২০ তাৰিখে বিশেষ সংক্ষিপ্ত শুধৰণি ভিত্তি বৰ্ষ ০১.০১.২০২১ প্ৰক্ৰিয়াৰ এক বিশেষ পদক্ষেপ হিচাপে বিশেষ অভিযানৰ ( Special Campaign date for Summary Revision of Photo Electoral Rolls with reference to 01.01.2021)দিন ঘোষণা কৰা হৈছে ।
উক্ত দিনকেইটাত নাজিৰা নিৰ্বাচন জিলাৰ সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ গৈ যিসকল ব্যক্তিৰ ২০২১ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হব বা ততোধিক বয়সৰ ব্যক্তিৰ যদি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই, সেইসকল ব্যক্তিয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে বয়সৰ প্ৰমানপত্ৰ, বাসস্থানৰ প্ৰমানপত্ৰ আৰু আন প্ৰয়োজনীয় নথি (পৰিশিষ্ট ২ আৰু ৩) আৰু একপি পাছপোৰ্ট আকাৰৰ ফটোসহ নির্দিষ্ট প্ৰপত্রত( প্ৰপত্ৰ নং ৬) আবেদন কৰিব পাৰিব আৰু ভোটাধিকাৰ লাভ কৰাৰ গৌৰৱ অৰ্জন কৰিব পাৰিব । মৃত ব্যক্তি, স্থানান্তৰিত ব্যক্তি, আৰু দুবাৰ বা ততোধিক নাম অন্তৰ্ভুক্ত হৈ থকা ভোটাৰৰ নাম ৭নং প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰি নাম কৰ্তন কৰিব পাৰিব । প্ৰপত্ৰ ৮নং জৰিয়তে শুধৰণি কৰিব পাৰিব আৰু একেটা সমষ্টিৰ ভিতৰতে ভোটকেন্দ্ৰ সালসলনি কৰিব বিচাৰিলে প্ৰপত্ৰ নং ৮(ক) যোগেদি সালসলনি কৰিব পাৰিব ।নাজিৰা জিলা নিৰ্বাচনী বিষয়া লখিমী দত্ত মহোদয়াই এই বিষয়ে অধিক তথ্যৰ বাবে নিজ নিজ এলেকাৰ সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া(BLO) আৰু নাজিৰাৰ নির্বাচনী বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে ।