গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কোনো পঞ্চায়তত কৰ আৰোপ নাথাকিব: গ্ৰামোন্নয়ন মন্ত্ৰী ৷

PR NEWS ASSAM: বৰ্তমান গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ যোগেদি কোনো কৰ আৰোপ নাথাকিব বুলি স্পষ্ট কৰি দিছে আৰু চৰকাৰৰ এই ক্ষেত্ৰত কোনো পৰিকল্পনা নাই বুলি গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ বক্তব্য মুখ্যমন্ত্ৰী জনসম্পৰ্কীয় কোষ জনসংযোগ বিভাগৰ প্ৰেছ বাৰ্তা নং ২০৩/২০২১ ৰ দ্বাৰা স্পষ্ট কৰা হৈছে৷লগতে প্ৰকাশ যে বৰঞ্চ ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থাক অধিক গতিশীলতা দিয়াৰ লগতে জনসাধাৰণক উন্নয়নমূলক আচঁনিত অংশীদাৰত্বহে চৰকাৰে গুৰুত্ব দিছে৷