PR NEWS ASSAM: নাজিৰা সমজিলাৰ, সমজিলা আয়ুক্ত কৰ্ণিকাই যথাৰীতি আনুষ্ঠানিকভাৱে গেলেকীস্থিত কমলাবাৰী বনভোজস্থলী খন ২০২৪-২৫ বৰ্ষৰ বাবে শুভ উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি তথা ভাৰতৰ প্ৰথম গৰাকী প্ৰধামন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে শিশু দিৱস হোৱাৰ হেতুকে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। উল্লেখ্য যে, গেলেকী লাহন গাওঁৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰেৰ ছাত্ৰ ছাত্ৰী সকলে কৃষ্ণ নৃত্যৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে বিহু নৃত্যৰে সকলোকে আপ্লুত কৰে। উক্ত অনুষ্ঠানত, মুখ্য অতিথি ৰূপে উপস্থিত থাকি কণিকাই গছ পুলি ৰোপন কৰি, কমলাবাৰী বনভোজ স্থলীৰ পৰিচালনা সমিতিৰ সদস্য সকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু কয় যে, ” বনভোজস্থলী মুকলি হোৱাৰ লগে লগে কমলাবাৰীলৈ পৰ্য্যটকৰ আগমন বৃদ্ধি হ’ব, যাৰ ফলত কমলাবাৰীৰ নাম কেৱল উজনি অসমতে সীমাবদ্ধ নাথাকি সমগ্ৰ ৰাজ্যতে উজলি উঠিব।” লগতে তেওঁ কয় যে, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে কমলাবাৰীস্থিত বটানিকেল গাৰ্ডেন, তাত উপলব্ধ বনৌষধি গছ-বন, গ্ৰীণ হাউছ আদি বিষয়ৰ ওপৰত বিভিন্ন প্ৰজেক্টৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু ই আমাৰ বাবে এক সুখবৰ৷এই অনুষ্ঠানত নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্ত উপাসনা বৰা, তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক জীৱন কলিতা, গেলেকী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেশ চেতিয়া, অ.এন জি.চি গেলেকীৰ চি.জি.এম আই.ভি.এচ দত্তো, জি.এম প্ৰডাকচন ফিল্ড মেনেজাৰ ভেন্দনকে প্ৰমুখ্যে কৰি অ.এন জি.চি’ৰ কেইবাগৰাকী বিষয়াৰ উপৰিও দিল্লী পাব্লিক স্কুল আৰু গেলেকী সংগীত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।