সমাগত বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ তথা সুচাৰুভাৱে সম্পন্ন কৰাৰ স্বাৰ্থত আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত নাগালেণ্ডৰ তিনিখন জিলা ক্ৰমে মন, মুককচাঙ আৰু লঙলেং জিলাৰ পৰা অহা উচ্চস্তৰীয় প্ৰশাসনিক তথা আৰক্ষী বিষয়াসকলৰ লগত গেলেকী অ’ এন জি চি -ৰ ডি এছ এ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।উক্ত বৈঠকত অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত আলোচনাৰ শেষত নাগালেণ্ডৰ তিনিওখন জিলাৰ পৰা অহা প্ৰতিনিধি সকলে আগন্তুক বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ তথা সুচাৰুভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। সভাত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, নাজিৰাৰ মহকুমাধিপতি লখিমী দত্ত, নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া প্রদীপ কোঁৱৰ আৰু সীমান্ত দণ্ডাধীশ ৰাজীৱ সোনোৱালকে আদি কৰি অন্যান্য প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলে অংশগ্ৰহণ কৰে। এই কথা সদৰী কৰি শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তাযোগে সদৰী কৰিছে৷
গেলেকীত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত নাগালেণ্ডৰ তিনি জিলাৰ উচ্চস্তৰীয় প্ৰশাসনিক তথা আৰক্ষী বিষয়াসকলৰ লগত বৈঠক৷
