গুৱাহাটী চিনে ক্লাৱৰ ১৪ তম আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ৷

নিউজ ডেস্ক PR NEWS ASSAM:

গুৱাহাটী চিনে ক্লাৱে চলিত বৰ্ষৰ ২৫ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে মহানগৰীৰ আমবাৰীস্থিত ৰবীন্দ্ৰ ভৱনত ১৪তম আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিছে। সাম্প্ৰতিক সময়ৰ ক’ভিড মহামাৰীসৃষ্ট পৰিৱেশৰ বাবে প্ৰতি বছৰে আয়োজন কৰাৰ দৰে যোৱা ডিচেম্বৰ মাহত এই মহোৎসৱ আয়োজন কৰিব নোৱাৰি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে। এই মহোৎসৱ ফেডাৰেশ্যন অৱ ফিল্ম চ’ছাইটিজ অৱ ইণ্ডিয়া আৰু সাংস্কৃতিক সঞ্চালকালয়, অসমৰ সহযোগত আয়োজন কৰা হৈছে। এই মহোৎসৱত জাৰ্মানী, ইৰাণ, শ্ৰীলংকা, টিউনিচিয়া, বাংলাদেশ, চিংগাপুৰ, নেপাল আদি দেশৰ আৰু ভাৰতৰ মালায়ালম, উৰিয়া, বাংলা, খাছী আৰু অসমীয়া ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। উদ্বোধনী চলচ্চিত্ৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উচ্চ প্ৰশংসিত হোৱা প্ৰদীপ কুৰ্বা পৰিচালিত আৰু শংকৰলাল গোৱেংকাৰ দ্বাৰা প্ৰযোজিত IEWDUH(Market) খাছী চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ’ব।আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত ২৪তম বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় কিম জি চিঅ’ক বঁটাৰে সন্মানিত হৈছিল। উল্লেখযোগ্য যে এই বঁটা লাভ কৰা IEWDUH প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ। জাৰ্মানীৰ ইন দি ফেড, টিউনিছিয়াৰ চাটাৰ্ড ৱেভছ এণ্ড চুইট স্মেল অৱ স্প্ৰিং, ইৰাণৰ দ্যা ডগচ ডিডনট শ্লিপ লাষ্ট নাইট এণ্ড ব্লু গাৰ্ল, নেপালৰ আমা খাণ্ডো, বাংলাদেশৰ গণ্ডি আৰু লাল মোৰেগাৰ জুটি ইত্যাদি ইত্যাদি। ভাৰতীয় চলচ্চিত্ৰ সমূহ আছে মালায়ালম, বাংলা, ওৰিয়া আৰু অসমীয়া ভাষাৰ এই মাটিতে।উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে চলচ্চিত্ৰ আৰু নাটকৰ বিশিষ্ট শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যক।প্ৰতিদিনে তিনিটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। তিনিটা দৰ্শনীৰ সময়সীমা হৈছে- ১২.১৫, ৩.৩০আৰু ৬বজা। শনিবাৰ আৰু দেওবাৰে ৪ টাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। প্ৰদৰ্শনীৰ সময় হৈছে- ১১.৩০, ২.০০, ৪.০০ আৰু ৬.০০বজা। ১৪ তম চলচ্চিত্ৰৰ সৈতে সংগতি ৰাখি ক্লাৱৰ বছৰেকীয়া মুখপত্ৰ চিত্ৰ চিন্তা প্ৰকাশ কৰা হ’ব। বিগত বৰ্ষ সমূহৰ নিচিনাকৈ এই মহোৎসৱত ষষ্ঠবাৰৰ বাবে চুটি চলচ্চিত্ৰৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। লগতে অ-প্ৰতিযোগিতামূলক শাখাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ সাতখন চুটি চলচ্চিত্ৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হ’ব। মহোৎসৱৰ ৭দিনৰ বাবে গেষ্ট কুপন প্ৰদানৰ ব্যৱস্থা থাকিব৷