PR NEWS ASSAM ঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭৫ সংখ্যক বৰ্ষত ভৰি দিয়া হীৰক জয়ন্তী অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত থাকে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুৰ্মুৱে কয়, উত্তৰ–পূৰ্বৰ খিলঞ্জীয়া লোকক সন্মান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে শান্তিৰে সকলোকে ন্যায় প্ৰদান কৰাৰ সুবিধা কৰিছে৷ ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তীত উপস্থিত থাকি মুকলি কৰে ‘ভৰসা’ নামৰ এপ৷ মহিলাৰ সুৰক্ষাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰম্ভ কৰিছে এই ব্যৱস্থা৷ যিকোনো বিপদৰ সময়ত এপটোৰ যোগে নিজৰ সমস্যা প্ৰকাশ কৰিব পাৰিব৷ ২৪ ঘণ্টাই টোল ফ্ৰী নম্বৰত ১৮১ ফোন কৰি যিকোনো আইন সম্পৰ্কীয় সহায় লোৱাৰ সুবিধা আছে৷উল্লেখ যে ১৯৪৮ চনতেই গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল ৷যিয়েই সেইসময়ৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলক আইনৰ ব্যৱস্থাক সামৰি লৈছিল৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী ঃৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ‘ভৰসা’ এপ ৷
