কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শিৱসাগৰত৷

নিউজ ডেস্ক PR NEWS ASSAM

খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰিব শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত৷প্ৰায় লক্ষাধিক লোকক প্ৰদান কৰিব পট্টা৷ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসন,অসম চৰকাৰৰ বিভিন্ন বিভাগে দেশৰ প্ৰধানমন্ত্ৰীজনক আদৰাৰ ব্যাপক প্ৰস্তুুুতি আৰম্ভ কৰিছে আৰু দিন-ৰাতি একাকাৰ কৰি সভাস্থলীৰ সুন্দৰভাৱে তৈয়াৰ কৰিছে৷ প্ৰধানমন্ত্ৰীজনে চৰকাৰী কাৰ্যসূচী দিনৰ প্ৰায় ১১.৩০ বজাত প্ৰতিনিধিত্ব কৰিব৷ইতিমধ্যে বিজেপি দলৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলেও দলৰ প্ৰধান নেতাজনক আদৰাৰ ব্যাপক যো-জা চলাইছে ৷জিলাখনৰ লগতে ওচৰ চুবুৰীয়াৰ অন্য জিলাৰ পৰাও সমৰ্থকৰ বিশাল সমাবেশ ঘটাবলৈ তৎপৰ হৈছে৷মুঠতে এতিয়া সকলোৱে এতিয়া যুদ্ধংদেহী মনোভাৱ লৈ কামত অগ্ৰসৰ হৈছে৷উল্লেখ যে ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এক প্ৰকাৰ ই নিৰ্বাচনী ৰণকৌশল বুলিও ক’ব পাৰি৷ ইফালে প্ৰধানমন্ত্ৰীজনৰ আগমণক কেন্দ্ৰ কৰি নিৰাপত্তা ব্যৱস্থাও অধিক কটকটীয়া কৰা হোৱাটো পৰিলক্ষিত হৈছে৷