কমতাপুৰ ষ্টুডেণ্ট অৰ্গেনাইজেশনৰ ভাৰতীয় জনতা পাৰ্টীক সমৰ্থনঃ

কমতাপুৰ ষ্টুডেণ্ট অৰ্গেনাইজেশনৰ ভাৰতীয় জনতা পাৰ্টীক  সমৰ্থনঃ
PR NEWS ASSAM গোসাইগাঁওঃ
আগন্তক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত কমতাপুৰ ষ্টুডেণ্টস অৰ্গেনাইজেশনৰ বিজেপি দলক সমৰ্থন আগবঢ়াইছে বুলি ঘোষনা কৰে ৷ আজি   এক সংবাদ মেলযোগে সংগঠনটোৰ অসম প্ৰদেশ কমিটিৰ মুখ্য উপদেষ্টা নিৰ্মল দাসে কয় যে ভাষা আৰু সংস্কৃতিৰ বাবে দাবী পত্ৰ ( ৯ দফা দাবী পত্ৰ) এই সমস্যা সমুহ একমাত্ৰ বিজেপি চৰকাৰেহে সমাধান কৰিব পাৰিব বুলি উল্লেখ কৰি বিজেপিৰ শীৰ্ষ নেতাই উক্ত সমস্যা সমুহ সমাধানৰ প্ৰতিশ্ৰুতিৰ পৰিপ্ৰেক্ষিতত সমাগত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপি দলক সমৰ্থন কৰিছে বুলি মুখ‍্য উপদেষ্টা গৰাকীয়ে প্ৰকাশ কৰে ৷ ৫ নং শৰাইবিল সমষ্টিৰ বিজেপিৰ প্ৰাথী উইলিয়াম নাৰ্জাৰীক কোচ-ৰাজবংশী ৰাইজক ভোট দান কৰি বিজয়ী কৰাৰ বাবে আহবান জনায় অসম প্ৰদেশ কমিটিৰ মুখ্য উপদেষ্টা নিৰ্মল দাসে।