আহি আছে কৰ’নাৰ ভেকচিন৷

নিউজ ডেস্ক, PR NEWS ASSAM

নতুন বছৰত অসমবাসীৰ বাবে ভাল খবৰ। শীঘ্ৰেই কোভিড ভেকচিন প্ৰদান কৰা হ’ব । কামৰূপ মহানগৰ জিলাত কৰ’না ভেকচিন প্ৰদানৰ বাবে প্ৰাৰম্ভিক অৱস্থাত তিনিটা কেন্দ্ৰ বাচনি কৰা হৈছে ৷ সেইকেইটা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, সোনাপুৰ স্বাস্থ্য কেন্দ্ৰ আৰু খানাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷
এই তিনিওটা স্বাস্থ্য কেন্দ্ৰত শনিবাৰৰ পৰা কোৰোণাৰ ভেকচিন পৰীক্ষামূলক ভাবে প্ৰদান কৰা হৈছে। শনিবাৰে পুৱা ৯ বজাত পঞ্জীয়নকৃত লোকক প্ৰদান হয় ভেকচিন ৷ এটা কেন্দ্ৰত ২৫ গৰাকীকৈ লোকক প্ৰদান কৰা হৈছে ভেকচিন।
পৰীক্ষামূলক ভাৱে সমগ্ৰ দেশত আৰম্ভ কৰা এই প্ৰক্ৰিয়া ৷ কিদৰে ভেকচিন প্ৰদান কৰা হ’ব, বা প্ৰদান কৰা সময়ত ল’বলগীয়া সাৱধানতা আদি তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব। ইতিমধ্যে এই দিশত অত্যন্ত সাৱধানেৰে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।