নাজিৰাৰ অধিবক্তা পংকজ মহন্তলৈ দুৰ্নীতি বিৰোধী অসমৰ বিশেষ বঁটা৷
PR NEWS ASSAM ৮ ডিচেম্বৰ ঃ আন্তৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত প্ৰতিবছৰে পালন কৰা দিৱসত দুদিনীয়াকৈ অনুষ্ঠিত গুৱাহাটীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দুৰ্নীতি বিৰোধীৰ বিশেষ বঁটা নাজিৰাৰ যুৱ অধিবক্তা পংকজ মহন্তক প্ৰদান কৰা হ’য়৷অসম সাহিত্য সভাৰ উপ সভাপতি শ্ৰীযুতা মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিধায়ক শ্ৰীযুত পৰমানন্দ ৰাজবংশী,ভাৰতীয় ক্ৰিকেট সন্থাৰ যুুটীয়া সম্পাদক তথা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক শ্ৰীযুত দেৱজিৎ লন শইকীয়া,কমনৱেলথ গেমছৰ স্বৰ্ণ পদক জয়ী শ্ৰীযুতা নয়নমণি শইকীয়াকে ধৰি ভালেইকেইজন গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত উক্ত বটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’য়৷নাজিৰা অঞ্চলৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাবে জড়িত ৷

