PR NEWS ASSAM যোৰহাট
আজি যোৰহাটত কেন্দ্ৰীয় ভাবে যোৰহাট কাছাৰী মৈদামত পালন কৰা হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷যোৱা নিশা যোৰহাটলৈ অনা হৈছিল জননেতা জনৰ অস্থিপত্নী দলি গগৈয়ে বন্তি প্ৰজ্বলন কৰি প্ৰথমেই শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ চিতা ভষ্মৰ কাষত আজি যোৰহাটৰ কাছাৰি ময়দানত উপস্থিত হয় পুত্ৰ গৌৰৱ গগৈতাই আহোম সকলৰ মুলুংয়েৰে শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জনলৈসৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অসমৰ কংগ্ৰেছৰ ত্বতাবধায়ক জিতেন্দ্ৰ সিং, ৰেকুবিদিন আহমেদ,আব্দুল খালেক, প্ৰদ্যু বৰদলৈ,ভাতৃ দ্বীপ গগৈ,ৰাণা গোস্বামী, দেৱব্ৰত শইকীয়াকে আদি কৰি কংগেছৰ বহু জেষ্ঠ নেতাআজি বিয়লিলৈকে যোৰহাটৰ কাছাৰি ময়দানত ৰখা হ’ব অস্থি আৰু সদ্য প্রয়াত মূখ্যমন্ত্ৰী জনক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব৷যোৰহাটৰ পৰাই তেখেতৰ অস্থি তিতাবৰ, শিৱসাগৰ, নাজিৰা চৰাইদেউ, মাজুলীকে আদি কৰি ৭ টা স্থানলৈ নিয়া হয় আৰু বিয়লি যোৰহাটৰ কাছাৰি ময়দানৰ পৰা অস্থি লৈ যোৱা হ’ব নিমাতী ঘটলৈ আৰু তাৰ পৰা এখন সু সজ্জিত নাৱৰে অস্থি বিসৰ্জন দিয়া হ’ব বৰ লুইতত ৷

